ETV Bharat / state

কনফিউজন: নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থীয়ে পাহৰিলে নিজ দলৰেই নাম

author img

By

Published : Feb 27, 2022, 8:56 PM IST

Updated : Feb 27, 2022, 9:10 PM IST

কনফিউন; নিৰ্বাচনী সভাত প্ৰাৰ্থীয়ে পাহৰিলে নিজৰ দলৰ নাম
কনফিউজন: নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থীয়ে পাহৰিলে নিজ দলৰেই নাম

কনফিউজন, কনফিউন ৷ বিজেপি প্ৰাৰ্থী চুৰমণি বৰাৰ হৈছে কনফিউজন ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপি প্ৰাৰ্থী চুৰমণি বৰাই পাহৰিলে নিজৰ দলেই নাম (BJP candidate forgets own party's name) ৷ তাৰ পাচত কি হ’ল...৷ সবিশেষ এই প্ৰতিবেদনত...

বিহপুৰীয়া, 27 ফেব্ৰুৱাৰী : ‘‘কনফিউজন হি কনফিউন হে, চলিউচন কুচ পাতা নেহি’’, এটা জনপ্ৰিয় হিন্দী গীতৰ এই কথাখিনি আপোনাৰ হয়তো মনত আছে ৷ 2009 চনৰ জনপ্ৰিয় হিন্দী ছবি ‘3 ইদিয়টচৰ’ এটা গীতৰ এই কথাখিনি হয়তো আপোনাৰ সৈতেও মিলি গৈছে কেতিয়াবা ৷ একেদৰেই ক’লৈ যাব, কি ক’ৰিব একোকে নজনাকৈয়ে পাৰ হৈছে বহুতৰে জীৱন ৷ সময় আৰু সমাজে লৈ গৈ আছে আৰু তেওঁলোকে গতি কৰি আছে , যেন বঠা বিহীন একোখন নাও ৷

কনফিউজন: নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থীয়ে পাহৰিলে নিজ দলৰেই নাম

এখন বঠা বিহীন নাৱৰ দৰেই এতিয়া কনফিউজ হৈ পৰিছে নাৰায়ণপুৰ পৌৰ সভাৰ ১ নং(খ) ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী চুৰমণি বৰা ৷ বাইদেউৱে নিৰ্বাচনী প্ৰচাৰ চলাইহে, চলাই ৷ প্ৰচাৰ চলাই থাকোতেই কিন্তু বিজেপি প্ৰাৰ্থীগৰাকীয়ে পাহৰিলে নিজ দলৰেই নাম (BJP candidate forgets own party's name) ৷ বাৰু ভাগ্যেহে কাষতে আছিল এগৰাকী ৷ কাষৰ এগৰাকীয়ে মনত কৰি দিয়াতহে মনলৈ আহে প্ৰাৰ্থীগৰাকীয়ে কোন দলৰ পৰা নিৰ্বাচনত কৰিছে প্ৰতিদ্বন্দিতা ৷

জানি আচৰিত হ’ব, বিজেপি প্ৰাৰ্থী চুৰমণি বৰাই নিজ দলৰ লগতে পাহৰিলে নিজ ৱাৰ্ডৰ নামো ৷ চুৰমণি বৰাৰ দৰে প্ৰাৰ্থীৰ সম্যক জ্ঞানৰ নমুনাই এতিয়া হতস্বম্ভিত কৰিছে সচেতন মহলক ৷ এনেকৈয়ে চলিছে এতিয়া একাংশ প্ৰাৰ্থীৰ পৌৰ সভাৰ নিৰ্বাচনৰ প্ৰচাৰ ৷ উল্লেখ্য যে, পৌৰ সভাৰ নিৰ্বাচন সমাগত (Municipal Election 2022) । পৌৰ সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বলিছে এতিয়া গৰম নিৰ্বাচনী বা ৷

দেওবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য উপস্থিত হয়হি নাৰায়ানপুৰ আৰু বিহপুৰীয়া পৌৰ সভাত ৷ নাৰায়নপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিবলৈ আগবাঢ়ে বিজেপি প্ৰাৰ্থী চুৰমণি বৰা ৷ ভাষণ দিবলৈ আগবাঢ়ি বিজেপি প্ৰাৰ্থী চুৰমণি বৰাই পাহৰিলে নিজ ৱাৰ্ড আৰু নিজ দলৰ নাম । বিজেপি প্ৰাৰ্থীগৰাকীৰ এই কাণ্ডত মঞ্চত উপস্থিত থকা দলীয় কৰ্মীও পৰিল অস্বস্তিত ৷ মাজুলী বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন গামৰ ভাষণ বিতৰ্কৰ মাজতে এতিয়া পৌৰসভাৰ প্ৰাৰ্থী গৰাকীৰ এই কাণ্ডই নিশ্চিতভাৱে চিন্তিত কৰিছে সচেতন মহলক ৷

লগতে পঢ়ক : Municipal Election 2022 : টীয়কত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলালে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে

Last Updated :Feb 27, 2022, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.