ETV Bharat / state

Minister Atul Bora : ভূপেন বৰাৰ অসম চুক্তিৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই: মন্ত্রী অতুল বৰা

author img

By

Published : Dec 2, 2022, 8:13 PM IST

Atul Bora
Atul Bora

মন্ত্ৰী অতুল বৰাই কয়, "ভূপেন বৰাৰ শ্বহীদ অথবা অসম চুক্তিৰ (Assam accord) কথা কোৱাৰ নৈতিক অধিকাৰ নাই । কংগ্রেছেই বহুতক হত্যা কৰিছিল । সেইখিনিকে শ্বহীদ বুলি মান্যতা দিয়া হৈছে । সেয়ে ভূপেন বৰাই আবেগ ঢালি লাভ নাই ।"

লখিমপুৰ, ২ ডিচেম্বৰ : লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিক সংযোগ কৰি সোৱণশিৰি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে (bridge over Sowansiri at Ghunasuti in Lakhimpur) । যাৰ ফলত স্বাধীনতাৰ পাছৰে ৰাইজে দলং এখনৰ বাবে দেখা সপোনে অচিৰেই বাস্তৱ হোৱাৰ পথত । লগে লগে ইতিহাস হ'ব ঘূণাসুঁতি সংযোগী নৌকা যাত্রা ।

ভূপেন বৰাৰ অসম চুক্তিৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই : মন্ত্রী অতুল বৰা

অহা ১৮ ডিচেম্বৰত মুখ্যমন্ত্রীয়ে উক্ত দলংখনৰ নিৰ্মাণস্থলীত ভূমি পূজন কৰি দলং নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব (CM Himanta Biswa Sarma) । এই উদ্দেশ্যে শুকুৰবাৰে মন্ত্রী অতুল বৰাই দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰে (Atul Bora visit Ghunasuti bridge site) । আনহাতে, দলং নিৰ্মাণস্থলী পৰিদৰ্শনৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্রী অতুল বৰাই প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক তীব্র সমালোচনা কৰে (Atul Bora criticized Bhupen Bora) ।

মন্ত্ৰী অতুল বৰাই কয়, "ভূপেন বৰাৰ শ্বহীদ অথবা অসম চুক্তিৰ (Assam accord) কথা কোৱাৰ নৈতিক অধিকাৰ নাই । কংগ্রেছেই বহুতক হত্যা কৰিছিল । সেইখিনিকে শ্বহীদ বুলি মান্যতা দিয়া হৈছে । সেয়ে ভূপেন বৰাই আবেগ ঢালি লাভ নাই ।" মন্ত্রী অতুল বৰাই ভূপেন বৰাক তীব্র সমালোচনা কৰি লগতে কয়, দেশৰ স্বাধীনতা অনা কংগ্রেছ দলটোৰ অসমত ভূপেন বৰাৰ দিনত চৰম দুৰৱস্থা হৈছে । পদযাত্রাত ৰাইজে লগ এৰিছে । ভ্ৰাম্যমাণ নাট্য দলৰ দৰে কেইজনমানক লগত লৈ তেওঁ পদযাত্ৰা কৰি ফুৰিছে (APCC president Bhupen Bora) ।

আনহাতে, বহুৱালিৰো এটা সীমা থকা উচিত বুলি ভূপেন বৰা তথা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক উপহাস কৰে মন্ত্রী বৰাই । লগতে ভূপেন বৰাই কি কৰে, কি কয় নিজেই নাজানে বুলি কটাক্ষ কৰি মন্ত্রী অতুল বৰাই আনক আক্ৰমণ কৰিবলৈ যোৱাৰ আগতে তেওঁক নিজৰ মুখখন এবাৰ আইনাত চাই ল'বলৈও আহ্বান জনায় ।

উল্লেখ্য, অহা ১৮ ডিচেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰিবলগীয়া দলংখনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি শুকুৰবাৰে মন্ত্রী অতুল বৰাই বিধায়ক নৱ দলে, মানৱ ডেকাসহ অন্যান্যসকলৰ সৈতে এখন ৰাজহুৱা সভাতো ভাগ লয় । উল্লেখ্য যে ১৮ ডিচেম্বৰত মুখ্যমন্ত্রীয়ে ঘূণাসুঁতি দলঙৰ ভূমিপূজন কৰাৰ উপৰি লখিমপুৰৰ বাইপাছটোও আনুষ্ঠানিকভাৱে মুকলি কৰিব । আনহাতে, লখিমপুৰ নগৰৰ নকাড়ীত থকা ৰে'লৱে ক্ৰছিঙত এখন উৰণীয়া সেতু নির্মাণৰো তেওঁ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক :Badaruddin Ajmal Statement : হিন্দু পুৰুষে 40 বছৰ বয়সলৈকে লিপ্ত থাকে অবৈধ সম্পৰ্কত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.