অসম আন্দোলনৰ অগ্ৰণী নেতা বগামল দত্তৰ বিয়োগ

author img

By

Published : Oct 16, 2021, 2:27 PM IST

Assam Movement

লখিমপুৰৰ এগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতাৰূপে পৰিচিত বগামল দত্তৰ বিয়োগত শোকস্তব্ধ সমগ্র জিলাখন । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।

লখিমপুৰ, ১৬ অক্টোবৰ : অসম আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা লখিমপুৰৰ বগামল দত্তৰ বিয়োগ । গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত শনিবাৰে মৃত্যু ঘটে সংগ্ৰামী নেতাজনৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ । কেইদিনমানৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল ।

লখিমপুৰৰ নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আছিল দত্ত । অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দি চৰকাৰৰ ৰোষত পৰিছিল দত্ত । যাৰ বাবে বহুবাৰ কাৰাৰুদ্ধ হ'বলগা হৈছিল দত্ত । টাডাৰ (TADA) দৰে গোচৰো জাপি দিয়া হৈছিল তেওঁৰ বিৰুদ্ধে । আন্দোলনৰ পৰৱৰ্তী সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল ।

উল্লেখ্য যে, ১৯৯১ত তেওঁ ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিছিল । তেওঁৰ বিয়োগত ছাত্র সন্থাকে ধৰি লখিমপুৰৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে শোক প্রকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্র আৰু এগৰাকী কন্যাক এৰি থৈ যায় ।

লগতে পঢ়ক : হাফলঙৰ দিয়ুং নৈত সম্পন্ন প্ৰতিমা বিসৰ্জন পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.