ETV Bharat / state

Protest in Lakhimpur : ধেমাজি কাণ্ডৰ অভিযুক্ত দোষ মুক্ত; লখিমপুৰত তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:19 PM IST

Updated : Aug 24, 2023, 6:38 PM IST

ধেমাজিৰ বোমা বিষ্ফোৰণ কাণ্ডৰ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ ৷ লখিমপুৰত তীব্র প্রতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷ ধেমাজি বিস্ফোৰণৰ অভিযুক্তৰ ফাঁচীৰ দাবী জনায় ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি কয় সংগঠনটোৱে ৷

Asomiya Yuva Mancha Protest in Lakhimpur
তীব্র প্রতিবাদ অসমীয়া যুৱ মঞ্চৰ

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ তীব্র প্রতিবাদ

লখিমপুৰ, ২৪ আগষ্ট : ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো অসমৰ বাবে আছিল ৰক্ত ৰঞ্জিত এটা দিন ৷ এই দিনটোতে ধেমাজি জিলাত স্বাধীনতা দিৱস উদযাপন স্থলীত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণ ৷ চৌদিশে ছিটিকি পৰিছিল নৰমাংস, বৈছিল ৰক্তৰ নিজৰা ৷ গছৰ দালত ওলমি ৰৈছিল নৰমাংসৰ টুকুৰা ৷ ৰাষ্ট্ৰীয় সংগীতৰ সলনি পতাকা উত্তোলন স্থলীত ভাঁহিছিল মৰণ কাতৰ আৰ্তনাদ ৷

সময় বাগৰিল ৷ এই ঘটনাত অভিযুক্ত বহুতো সৰকি গ’ল ৷ অৱশিষ্ট কেইজনকো বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে ৷ ফলত লখিমপুৰত জ্বলিল প্ৰতিবাদৰ জুই ৷

ধেমাজিৰ বোমা বিষ্ফোৰণ কাণ্ডৰ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ ৷ ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো অসমৰ ইতিহাসত কলা দিন ৰূপে পৰিগণিত হৈ আহিছে ৷ এই দিনটোত ধেমাজি জিলাত স্বাধীনতা দিৱসৰ স্থলীত নিষিদ্ধ ঘোষিত আলফাই ঘটোৱা বোমা বিস্ফোৰণত ১০ টি শিশু সহ ১৩ জনে প্ৰাণ হেৰুৱাইছিল ৷ ধেমাজি চহৰৰ খেলপথাৰত চৰকাৰীভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ লবলৈ গৈ ১৩ জনে বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৷

এই ঘটনাই সমগ্র দেশ কঁপাই তুলিছিল ৷ দহটি শিশুসহ তিনি গৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে বহুতো আহত হৈছিল এই বিস্ফোৰণত ৷ এই ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰা বহুতো শিশুৰ মন অস্থিৰ হৈ পৰিছিল ৷ তেতিয়াৰ ৰাষ্ট্ৰপতিৰ উদ্যোগত বিতত হৈ থকা শিশু সকলৰ মনৰ বেদনা দূৰ কৰিবলৈ দিল্লীৰ পৰা মনৰোগ বিশেষজ্ঞৰ দলো আহিছিল ৷ এই ঘটনাৰ পৰৱৰ্তী সময়ত বহুতৰ নাম সাঙোৰ খাই ছিল ৷

সময় বাগৰাৰ লগে লগে তেওঁলোক আইনৰ সুৰুঙাৰে সৰকিল ৷ বাকী যি কেইজন থাকিল বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ লখিমপুৰত তীব্র প্রতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ নগৰৰ কমলাবাৰী পথত টায়াৰ জ্বলাই তেওঁলোকে প্ৰতিবাদ কৰি অভিযুক্তৰ ফাঁচীৰ দাবী জনায় ৷ ধেমাজিৰ বোমা বিস্ফোৰণৰ হত্যাকাৰীক ফাঁচী দিয়ক, উই ৱান্ট জাষ্টিচ, ন্যায় ব্যবস্থা হায় হায়, ন্যায় ব্যৱস্থাৰ উন্নতি কৰক, ন' জাষ্টিচ ন' ৰেষ্ট আদি শ্লোগান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷

প্ৰতিবাদকাৰী সকলে ধেমাজি বিস্ফোৰণৰ অভিযুক্তৰ ফাঁচীৰ দাবী জনাই ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি কয় ৷ তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ নিবলৈও দাবী জনায় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্রীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈৰ লগতে জিলা সমিতিৰ চিৰঞ্জিত বৰদলৈ, দীপাংকৰ নাথ সহ ভালেখিনি সদস্যই অংশগ্রহণ কৰে ৷

লগতে পঢ়ক : Dhemaji Boom Blast: ধেমাজি বিস্ফোৰণ কাণ্ডৰ 6 অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

Last Updated : Aug 24, 2023, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.