ETV Bharat / state

Dhemaji Boom Blast: ধেমাজি বিস্ফোৰণ কাণ্ডৰ 6 অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:25 PM IST

Updated : Aug 24, 2023, 3:26 PM IST

Dhemaji Boom Blast
ধেমাজি বিস্ফোৰণ কাণ্ডৰ 6 অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

ধেমাজি বিস্ফোৰণ কাণ্ডৰ 6 অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ তথ্য প্ৰমাণৰ অভাৱত ৰেহাই পালে 6 অভিযুক্তই । 2017 বৰ্ষত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালৰ ৰায়দানক প্রত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল অভিযুক্তৰ আত্মীয় ৷

গুৱাহাটী, 24 আগষ্ট : কুখ্যাত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ ধেমাজিৰ বোমা বিস্ফোৰণৰ 6 অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰে আদালতে । বৃহস্পতিবাৰে পুৱাবেলা এই ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ইয়াৰ পূৰ্বে 7 গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছিল ৷ 7 অভিযুক্তৰ ভিতৰত দীপাঞ্জলি বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈসহ চাৰি গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল নিম্ন আদালতে ৷ আন দুজন অভিযুক্ত হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক 4 বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল । আন এগৰাকী অভিযুক্ত পলাতক ৷

2017 বৰ্ষত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালৰ ৰায়দানক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল 6 গৰাকী অভিযুক্তৰ পৰিয়াল। কেইবা বছৰজোৰা শুনানীৰ পিছত যোৱা 24 জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । চূড়ান্ত শুনানিৰ পিছত ৰায় সংৰক্ষিত কৰি ৰাখিছিল ন্যায়ালয়ে ৷

উল্লেখযোগ্য যে, 2004 চনৰ 15 আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱস উদযাপনথলীত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণ । নিৰীহৰ তেজেৰে ৰাঙলী হৈ পৰিছিল স্বাধীনতা দিৱসথলী ৷ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল নিষিদ্ধ ঘোষিত আলফাই । দেশে স্বাধীনতা লাভ কৰাৰ সোৱাদ ল’বলৈ আহি এই বিস্ফোৰণত 18 টি কণ কণ শিশু নিহত হৈছিল । আহত হৈছিল বহুলোক ৷

কোৱা হৈছে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱতে নিম্ন আদালতে দোষী সাব্যস্ত কৰা 6 গৰাকীকৈ অভিযুক্তক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে ৷ অৰ্থাৎ তদন্তকাৰী বিষয়া বা সংস্থাই উপযুক্তভাৱে তদন্ত কৰি তথ্য গোটাব নোৱাৰাৰ বাবেই ৰেহাই পালে 6 অভিযুক্তই ।

6 গৰাকীয়ে বিভিন্ন শাস্তি লাভ কৰা গোচৰটোত 2011 চনত 15 অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা । গোচৰৰ শুনানি প্ৰক্ৰিয়াত মুঠ 55 গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল । সেই অভিযোগনামাত আৰক্ষীয়ে অভিযুক্ত যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোহাঁই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ, গোবিন কলিতা, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জিতেন চুতীয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰক্ষীয়ে ।

পৰৱৰ্তী সময়ত এইসকলৰ ভিতৰত 7 গৰাকীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছিল নিম্ন আদালতে ৷ বিস্ফোৰণ কাণ্ডৰ 15 বছৰৰ মূৰত প্ৰদান কৰা হয় নিম্ন আদালতৰ ৰায় । সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নিম্ন আদালতত দোষী সাব্যস্ত হোৱা 6 জনৰ আত্মীয় ৷ নিম্ন আদালতত তদন্তকাৰী বিষয়াই দাখিল কৰা প্ৰমাণ-তথ্য সমূহ চালি-জাৰি চাই আজি উচ্চ ন্যায়ালয়ে উপযুক্ত বিবেচনা নকৰি 6 জনকে দোষমুক্ত ঘোষণা কৰে ৷

লগতে পঢ়ক:Thief arrested in Guwahati: ড্ৰাগছ সেৱন কৰিবলৈ গুৱাহাটীত চুৰিকাৰ্যত লিপ্ত মণিপুৰৰ যুৱক

Last Updated :Aug 24, 2023, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.