ETV Bharat / state

Protest against Big Dam : তিনি সংগঠনৰ প্ৰতিবাদত কপিল লখিমপুৰ

author img

By

Published : Dec 4, 2021, 10:53 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(Subansiri Lower Hydroelectric Project SLHEP)ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ হ’ল লখিমপুৰ ৷ 2022 চনৰ জুলাই মাহৰ পৰা প্ৰকল্পটো উৎপাদনক্ষম হ’ব বুলি কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে শুকুৰবাৰে ঘোষণা কৰাৰ পিছতে শনিবাৰে তিনি জাতীয় সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ লখিমপুৰত ৷

অথলে গ’ল বৃহৎ নদীবান্ধবিৰোধী শশ প্ৰতিবাদ!
অথলে গ’ল বৃহৎ নদীবান্ধবিৰোধী শশ প্ৰতিবাদ!

লখিমপুৰ, ৪ ডিচেম্বৰ : NHPC ৰ দ্বাৰা (NHPC National Hydroelectric Power Corporation) নিৰ্মাণৰত অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(Subansiri Lower Hydroelectric Project SLHEP)ৰ বিৰুদ্ধে বছৰ বছৰ বছৰজুৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছত শুকুৰবাৰে জ্বলা জুইত ঘিঁউ ঢালিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বক্তব্যই ৷

নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰা গেৰুকামুখস্থিত 2000 মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পটো 2022 চনৰ জুলাই মাহৰ পৰা উৎপাদনক্ষম হ’ব বুলি ঘোষণা কৰাৰ পিছতে আজি উত্তাল হৈ পৰে লখিমপুৰ ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চৰ কেইবাশতাধিক সদস্যৰ প্ৰতিবাদত কঁপি উঠিল উত্তৰ লখিমপুৰ নগৰ (Anti Big Dam protest Lakhimpur) ৷

তিনি সংগঠনৰ প্ৰতিবাদত কপিল লখিমপুৰ

অসমৰ দল-সংগঠন, বুদ্ধিজীৱিৰ প্ৰৱল প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি 70 শতাংশতকৈও অধিক নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰা বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰোধিতাৰে প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ.কে. সিং(Central power minister Raj Kumar Singh) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে ৷

বিজেপি চৰকাৰ তথা নেতা মন্ত্ৰীক ধিক্কাৰ দি প্ৰকল্পটোৰ নামনিৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিতকৰণ আৰু বিশেষজ্ঞ কমিটিৰ চূড়ান্ত প্ৰতিবেদন কাৰ্যকৰী নোহোৱা পৰ্যন্ত প্ৰকল্পৰ উৎপাদন বন্ধ কৰাৰ দাবী জনায় । লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ বাবে জলবোমা সদৃশ প্ৰকল্পটো বন্ধৰ বাবে শেষ বিন্দু তেজ থকালৈকে যুঁজ দি যোৱাৰো হুংকাৰ দিয়ে সংগঠনকেইটাই ।

লগতে পঢ়ক: সোৱণশিৰি প্ৰকল্পৰ কাম আৰম্ভ কৰাক লৈ লখিমপুৰত বিভিন্ন সংগঠনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.