ETV Bharat / state

আছু কৰ্মীক ভাবুকি, লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ

author img

By

Published : May 16, 2020, 4:01 PM IST

লখিমপুৰ আছু কৰ্মীৰ অভিযোগ উত্থাপন ৷ লখিমপুৰ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰাৰ বাবে আছু কৰ্মীক ভাবুকি দিয়াক লৈ ক্ষোভিত আছু কৰ্মী ৷ প্ৰনৱ হাজৰিকা নামৰ বিজেপি কৰ্মীজনে আছু কৰ্মী আৰু স্থানীয় লোকক ভয়ৰ ভাবুকি দিয়াৰ পিছতে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ওলাই আহে হিন্দু গাঁৱৰ ৰাইজ ৷

লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ
লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ

লখিমপুৰ, 16 মে’: লখিমপুৰ জিলাৰ লখিমপুৰ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰাৰ বাবে আছু কৰ্মীক ভাবুকি দিছে একাংশ বিজেপি নেতাই । এই অভিযোগ উত্থাপন লখিমপুৰ আছু কৰ্মীৰ ৷

উল্লেখ্য যে, ৰাইজৰ অভিযোগ অনুসৰি প্ৰকৃত কৃষকৰ বিপৰীতে চৰকাৰী ধন লাভ কৰিছে পেঞ্চনাৰ, চাকৰিয়াল লোকে । তালিকা প্ৰস্তুত কৰোতে প্ৰকৃত কৃষকক বঞ্চিত কৰি গাঁওবুঢ়া আৰু বুথ কমিটিয়ে অন্তৰ্ভুক্ত কৰিছে চাকৰিয়াল লোকৰ নাম। কিন্তু এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে হিন্দু গাঁৱৰ আছু কৰ্মী আৰু স্থানীয় লোকক ভয়ৰ ভাবুকি দিছে প্ৰনৱ হাজৰিকা নামৰ বিজেপি কৰ্মীজনে ।

লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ
ইয়াৰোপৰি, বিজেপি কৰ্মীৰ এই কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে ওলাই আহিছে হিন্দু গাঁৱৰ ৰাইজ । দুৰ্নীতিৰ উচিত তদন্ত কৰি চৰকাৰ তথা কৃষি মন্ত্ৰীক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : বহিৰাজ্যৰ পৰা অহা 49 গৰাকীক সৰুপেটা আৰু পাঠশালাত কোৱাৰেন্টাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.