ETV Bharat / state

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশন

author img

By

Published : Jan 28, 2021, 10:21 PM IST

all Assam chutia student union Annual conference
সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশন

চাৰিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন । লখিমপুৰৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশন ৷ দ্বিতীয় দিনা কাৰ্যসূচীৰ অনুসৰি বৃস্পতিবাৰৰ পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই উলিওৱা হয় ।

নাওবৈচা, ২৮ জানুৱাৰী : লখিমপুৰৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন। সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা কাৰ্যসূচীৰ অনুসৰি বৃস্পতিবাৰৰ পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশন

ইফালে, অসমৰ বিভিন্ন জনগোষ্ঠীয় সহস্ৰাধিক লোকে অংশ লোৱা এই শোভাযাত্ৰাতে চুতীয়া ছাত্ৰ সন্থাই জনগোষ্ঠীটোক পুনৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰে । মন্ত্ৰী নৱ দলেই শুভ উদ্বোধন কৰা শোভাযাত্ৰাত মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাই বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটী আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.