ETV Bharat / state

ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত

author img

By

Published : Feb 16, 2021, 9:23 AM IST

ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত
ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত

১৬-১৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰত উদযাপন কৰা হ’ব আলি আয়ে লিগাং ৷ যাৰ বাবে নাৰায়ণপুৰত চলিছে ব্যাপক প্ৰস্তুতি ৷

বিহপুৰীয়া,16 ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ মাজত এতিয়া আনন্দৰ ঢৌ ৷ কিয়নো পদূলিমুৰত এতিয়া মিচিং জনগোষ্ঠীৰ উৎসৱ আলি আয়ে লিগাং ৷ একপ্ৰকাৰে ক’ব পাৰি যে ফাগুন মানেই হৈছে আলি আয়ে লিগাং ৷ ফাগুনৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিং সকলে উদযাপন কৰিব শস্য সিঁচাৰ উৎসৱ আলি আয়ে লিগাং ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰতো পূৰ্ণগতিত চলিছে মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লিগাঙৰ প্ৰস্তুতি ৷ নাৰায়ণপুৰৰ ১ নং গোঁহাইপুখুৰীত লিগাঙৰ বাবে চলিছে বৃহৎ আয়োজন ৷

ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত

১৬-১৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰত উদযাপন কৰা হ’ব আলি আয়ে লিগাং ৷ মিচিং ডেকা-গাভৰুসকল ব্যস্ত হৈ পৰিছে গুমৰাগৰ আখৰাত ৷ আলি আয়ে লিগাঙক লৈ নাৰায়ণপুৰৰ মিচিং জনগোষ্ঠীৰ মাজত বৈছে আনন্দৰ বন্যা ৷

ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত
ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত

আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা বিভিন্ন প্ৰতিচ্ছবি উদযাপনস্থলীত দাঙি ধৰিবলৈ চেষ্টা কৰিছে উদযাপন কমিটিৰ কৰ্মকৰ্তাসকলে ৷ গোঁহাই পুখুৰীবাসীৰ লগতে কাষৰীয়া আন দুখন গাঁৱৰ লোকেও সহযোগিতা আগবঢ়াইছে এই আয়োজনত ৷ আলি আয়ে লিগাঙৰ দিন চমু চাপি অহাৰ লগে লগে অধিক উৎসৱমুখৰ হৈ পৰিছে নাৰায়ণপুৰ ৷

লগতে পঢ়কঃ সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰে মুখৰিত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.