নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCP ৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 30, 2021, 3:22 PM IST

AJYCP

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো সংগঠনটোৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।

লখিমপুৰ,৩০ ছেপ্টেম্বৰ : শেহতীয়াকৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) প্ৰতিবাদ অব্যাহত ৰাখিছে । বুধবাৰৰ দিনটোত লখিমপুৰ জিলাত সীমান্তৰ সমস্যা সমাধান আৰু নদীবান্ধৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ জিলা সমিতিয়ে ।

নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCPৰ অৱস্থান ধৰ্মঘট

NHPCৰ কাম বন্ধ কৰাৰ লগতে অতি শীঘ্ৰে অসমৰ সীমা সমস্যা সমাধানৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে । ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ (Subansiri Hydropower Project) নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবী তোলে সংগঠনটোৱে । লখিমপুৰত বিস্তৰ ক্ষতিসাধন কৰা ৰঙানদী প্ৰকল্পও বন্ধ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে ।

ৰাজ্য তথা কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে । বিধায়ক ভূৱন পেগু আৰু মন্ত্ৰী ৰণোজ পেগুকো সমালোচনা সংগঠনটোৰ । নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত জাতিক মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ দুয়োজন নেতাৰ বিৰুদ্ধে । তেওঁলোকৰ দাবী মানি নল'লে ভয়াৱহ আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :কৰ’ণাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ কাষত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.