লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Aug 18, 2021, 10:34 AM IST

AJYCP protest against price hike

মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম নোহোৱা ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ মঙলবাৰে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল প্ৰদৰ্শনেৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰ, 18 আগষ্ট : ৰাজ্যত এতিয়া প্ৰতিদিনে হোৰা-হোৰে বাঢ়িছে পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে(PRICE HIKE) জুৰুলা কৰিছে সৰ্ব-সাধাৰণ ৰাইজক ৷ ফলত বিপাঙত পৰিছে ৰাজ্যৰ সাধাৰণ জনতা ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(PRICE HIKE) ৰোধ কৰিবলৈ যোগান বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে সঘনে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ কিন্তু তথাপিও যেন গাত কথা লগা নাই যোগান বিভাগৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(PRICE HIKE)ত অতিষ্ঠ হৈ পুনৰ অসম চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতি ৷

লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ লখিমপুৰ জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখলেৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায়, যোগান বিভাগ হুঁচিয়াৰ আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয় কঁপাই তোলে । প্ৰতিবাদকাৰীৰ অভিযোগ, মাহজোৰা বিধানসভাৰ অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে কোনো আলোচনা নকৰিলে ৰাজ্য চৰকাৰে ৷

কেৱল গৰু-গাহৰিক লৈয়েই ব্যস্ত থাকিল বিভাগীয় মুৰব্বীসকল ৷ সেয়ে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ৷ অন্যথা ৰাজ্যজুৰি জংগী আন্দোলনৰ পাতনি মেলা হ’ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.