ETV Bharat / state

মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ মানৱ শৃংখল

author img

By

Published : Aug 14, 2021, 10:51 AM IST

AASU protest against price hike
মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ মানৱ শৃংখল

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিটো আঞ্চলিক সমিতিয়ে ঠায়ে ঠায়ে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ।

লখিমপুৰ, ১৪ আগষ্ট : দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংহাৰ । বিগত প্ৰায় দুটা বছৰ ধৰি একপ্ৰকাৰ সকলো ক্ষেত্ৰতে মহামাৰীয়ে প্ৰভাৱ পেলাইছে । সংস্থাপন হেৰুৱাই আৰ্থিকভাৱেও বহু লোক দুৰ্বল হৈ পৰিছে ।

কিন্তু ইয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট দাম বাঢ়িছে । পেট্ৰ'ল, ডিজেলৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীৰে এতিয়া আকাশলংঘী মূল্যবৃদ্ধি (Price hike) । যাৰ বাবে বিপদত পৰিছে সৰ্বসাধাৰণ । দুবেলা-দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হৈছে বহু লোকে ।

সৰ্বসাধাৰণ লোকৰ এই সমস্যাৰ বাবে দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । শুকুৰবাৰে লখিমপুৰ জিলাত সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্বৰূপে আছুৱে (AASU) মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইন্ধনজাত সামগ্রীৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা ছাত্র সন্থাৰ উদ্যোগত জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে । মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা অসমৰ চৰকাৰ লগতে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ বিৰুদ্ধে শ্ল'গান দি আছু কৰ্মীসকলে উত্তাল কৰি তোলে পৰিৱেশ ।

অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই আছু কৰ্মীসকলে । সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাই বৃদ্ধি হোৱা খাদ্য সামগ্ৰীৰ মূল্য় হ্ৰাস কৰিব নোৱাৰিলে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে আছু কৰ্মীসকলে ।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.