NHPC ৰ পৰা কি ক’লে শংকৰজ্যোতি বৰুৱাই ?

author img

By

Published : Sep 2, 2021, 9:57 AM IST

Updated : Sep 2, 2021, 11:55 AM IST

aasu leaders at subansiri lower dam
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন আছুৰ ()

বহু বিতৰ্কিত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(Subansiri Lower Dam) থলী পৰিদৰ্শন কৰি চৰকাৰলৈ আছুৰ(AASU) সতৰ্কবাণী ৷ নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈকে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ ৰখাৰ হুংকাৰ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ(Sankar Jyoti Baruah) ৷

লখিমপুৰ, 2 ছেপ্তেম্বৰ : ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম(NHPC)ৰ বুকুত সদৌ অসম ছাত্ৰ সন্থাৰ(AASU)ৰ তীব্ৰ হুংকাৰ ৷ ৰাইজক লগত লৈ পৰিকল্পিতভাৱে NHPC ৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা হ’ব ৷ বুধবাৰে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(Subansiri Lower Dam) থলীত উপস্থিত হৈ চৰকাৰলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(Sankar Jyoti Baruah) ৷

aasu leaders at subansiri lower dam
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন আছুৰ

লখিমপুৰ, ধেমাজিকে ধৰি 7 খন জিলাৰ প্ৰতিনিধিসহ এক সঁজাতি দলক লগত লৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই NHPC ৰ প্ৰকল্প নিৰ্মাণ থলী পৰিদৰ্শন কৰে । প্ৰকল্প থলী পৰিদৰ্শন কৰি তেওঁ কয় যে, নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত চৰকাৰে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ ৰাখিবই লাগিব ।

Subansiri Lower Dam
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

লগতে পঢ়ক: সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন অনুসৰি, ৰাইজৰ মত আওকাণ কৰি নিৰ্মাণ কৰি থকা প্ৰকল্পটোত প্ৰতিবছৰে বাৰিষাৰ সময়চোৱাত অঘটন ঘটি আহিছে আৰু ইয়াক লৈ ৰাইজ শংকিত হৈ পৰিছে ৷ এন এইচ পি চি আৰু চৰকাৰক সমালোচনা কৰি বৰুৱাই কয় যে, বিগত সময়চোৱাত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি চৰকাৰে ক্ষমতালৈ আহি ওলোটা খৰ মাৰিছে ।

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন আছুৰ

ভূমিকম্প প্ৰৱণ আৰু চনকা পাহাৰত নিৰ্মাণ কৰা এই প্ৰকল্প কোনো কাৰণতে নিৰাপদ নহয় । চৰকাৰে বান্ধ লবীৰ পক্ষ লৈ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু ৰাইজৰ আহ্বানক আওকাণ কৰি বান্ধটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব খুজিছে । ক’ভিড(Covid)ৰ সময়ত লক ডাউনৰ(Lockdown) সুযোগ লৈ গোপনে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আগুৱাই নিয়া হৈছে ।

Subansiri Lower Dam
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

কিন্তু নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব । ইয়াৰ বাবে ৰাইজৰ সহযোগত অচিৰেই আন্দোলন আৰম্ভ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে আছু নেতাগৰাকীয়ে ।

লগতে পঢ়ক: নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ AJYCP

Last Updated :Sep 2, 2021, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.