ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচাত আছু- যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 2:29 PM IST

aasu-and-yuva-satra-prisad-protest-against-price-hike-at-nowboicha
মূল্যবৃদ্ধি বিৰুদ্ধে নাওবৈচাত আছু- যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য হ্ৰাস নকৰিলে আগন্তুক দিনত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে সংগঠন দুটাৰ সদস্য সকলে ৷

নাওবৈচা, 7 নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে অসমৰ সাধাৰণ জনতাক ৷ কিন্তু কাণসাৰ নাই ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ ৷ উপায়ন্তৰ হৈ ৰাজপথত প্ৰতিবাদত নামিছে বিভিন্ন দল সংগঠন ৷ শনিবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰৰ নাওবৈচাত ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নাওবৈচাত আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে ৷

aasu-and-yuva-satra-prisad-protest-against-price-hike-at-nowboicha
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচাত আছু- যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ তিনিআলিত দুই মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তথা হাতে হাতে কাঁহী-বাটি লৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী অতি শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰক ,যোগান বিভাগৰ কাম নাই, ফণীভূষণ চৌধুৰী গ’ বেক আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

aasu-and-yuva-satra-prisad-protest-against-price-hike-at-nowboicha
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচাত আছু- যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

আনহাতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে পিয়াঁজক লৈ গাঁৱলীয়া সমাজক যি টুলুঙা মন্তব্য কৰিছে তাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য হ্ৰাস নকৰিলে আগন্তুক দিনত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শংকৰজ্যোতি নাথে ৷

লগতে পঢ়কঃ মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.