লখিমপুৰ নগৰৰ পৰিত্যক্ত এটা বাণিজ্য কেন্দ্ৰ

author img

By

Published : Sep 13, 2021, 8:26 PM IST

a commercial complex abandoned in lokhimpur

বহু লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা বাণিজ্যিক কেন্দ্ৰ ৷ বাণিজ্য বিহীন ভাৱে দুটা দশকে পৰি ৰৈছে বাণিজ্য কেন্দ্ৰটো ৷ ৰহস্যজনক কাৰণত আজিও নহ’ল কেন্দ্ৰটোৰ কোঠাৰ আৱন্টন ৷

লখিমপুৰ, 13 ছেপ্টেম্বৰ : লখিমপুৰ নগৰৰ খেলমাটিত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা এটা বাণিজ্য কেন্দ্ৰ দুটা দশক ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ৷ মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিৰ অধীনত ১৭ বছৰৰ পূৰ্বেই লখিমপুৰ নগৰৰ খেলমাটিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ২২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল দুখলপীয়া এই আদৰ্শ বাণিজ্য কেন্দ্ৰটো । জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তত্বাৱধানত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ কোঠা সমূহ ব্যৱসায়ৰ বাবে আৱন্টন দিয়াৰ লক্ষ্য আছিল স্থানীয় শিক্ষিত নিবনুৱা যুৱক সকল । পিছে ৰহস্যজনক কাৰণত আজিও বাণিজ্য কেন্দ্ৰটোৰ কোঠাৰ আৱন্টন নিদিলে জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কৰ্তৃপক্ষই ৷

লখিমপুৰ নগৰৰ পৰিত্যক্ত এটা বাণিজ্য কেন্দ্ৰ

সম্প্ৰতি কদৰ্যময় হোৱাই নহয়, উৱঁলি গৈছে বাণিজ্য কেন্দ্ৰটো । হাবি-জংঘলেৰে আৱৰি ধৰা এই বাণিজ্য কেন্দ্ৰটোৱে এতিয়া চৰকাৰৰ ৰাজকোষৰ ধনৰ অপচয়ৰ এক চূড়ান্ত নিৰ্দশন দাঙি ধৰিছে । নিবনুৱাৰ সংস্থাপনৰ নামত দুটা দশকে এই বাণিজ্য কেন্দ্ৰটো পেলাই থৈ দিয়া কাৰ্যই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই বিভাগটোৰ অকৰ্মন্যতাৰ স্বৰূপটোক স্পষ্ট কৰি দিছে ৷

লগতে পঢ়ক: শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

এদিনৰ বাবেও কাৰ্যক্ষম কৰিব নোৱাৰা এই বাণিজ্য কেন্দ্ৰটো কিয় এনেদৰে পেলাই ৰখা হ’ল, সেইয়া বৰ্তমানেও এক ৰহস্যৰ বিষয় । পৰিত্যক্ত এই বাণিজ্য কেন্দ্ৰটো সচল কৰি স্থানীয় শিক্ষিত নিবনুৱাক সকাহ দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।

কিহৰ বাবে এনেদৰে ৰাজকোষৰ লাখ লাখ টকা অপচয় কৰি এটা বাণিজ্য কেন্দ্ৰ পৰিত্যক্ত ৰূপত পেলাই ৰখা বুলি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপৰ লগতে বিষয়টো প্ৰসংগত এক তদন্তৰো দাবী জনায় জাতীয়তাবাদী যুৱ পৰিষদে । অন্যথা নিবনুৱাৰ স্বাৰ্থত জংগী আন্দোলনৰ গঢ়ি তুলিব বুলি যুৱ পৰিষদৰ নেতৃত্বই সকীয়াই দিছে ৷

লগতে পঢ়ক: অসমৰ ১,৭০০ খন গাঁৱক "আদৰ্শ গাঁও" হিচাপে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.