ETV Bharat / state

কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা

author img

By

Published : Jan 29, 2021, 8:54 AM IST

কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা
কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা

বেচৰকাৰী সংস্থা ৰবিনহুদ আৰ্মীৰ উদ্যোগত বৃহস্পতিবাৰে কোকৰাঝাৰৰ নাৰাবাৰীস্থিত ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সজাগতা সভাৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰে বেচৰকাৰী সংস্থাটোৱে ৷

কোকৰাঝাৰ,29 জানুৱাৰী: বৃহস্পতিবাৰে কোকৰাঝাৰৰ নাৰাবাৰীস্থিত ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা সৱলীকৰণ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ৰবীনহুদ আৰ্মী নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত সজাগতা সভাখন অনুষ্ঠিত কৰা হয় ৷ সভাখনত ভাৰতৰ সংসদত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা যুৱতী নেহা থাপাই অতি সাৱলীল ভাষাৰে মহিলা সৱলীকৰণৰ ওপৰত সুন্দৰ ব্যাখ্যা দাঙি ধৰে ৷ তাৰ লগতে সভাত উপস্থিত থকা অতিথি সকলেও প্ৰতি গৰাকী নাৰীকে শিক্ষিত হৈ দেশৰ সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷

কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা
কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা


উল্লেখ্য যে,সভাখনত বিশিষ্ট অতিথি হিচাপে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত পামী ব্ৰহ্ম, প্ৰবক্তা সংঘমিত্ৰা চক্ৰৱৰ্তী, চিকিৎসক ডাঃ অনুভা দাস, প্ৰবক্তা তথা মিচেচ ইউনিভাৰ্চ স্মিতা দেৱ,নেহা থাপা উপস্থিত থকাৰ লগতে মহাবিদ্যালয় খনৰ উপাধ্যক্ষ অনিল বসুমতাৰীৰ লগতে কোকৰাঝাৰৰ জেষ্ঠ সাংবাদিক মনালিছা শৰ্মা উপস্থিত থাকে ৷ বৃক্ষ ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা সভাখনত বেচৰকাৰী সংস্থা ৰবিনহুদ আৰ্মীৰ কৰ্মকৰ্তাৰ লগতে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা
কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত মহিলা সৱলীকৰণ সভা


লগতে পঢ়ক : কৰিমগঞ্জত নিশা হ’লেই ভাৰতীয় নাগৰিকত্ব হেৰুৱাই একাংশ লোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.