ETV Bharat / state

কোকৰাঝাৰ শাখা ইউকোবেংকত জালিয়াতি

author img

By

Published : Aug 27, 2019, 7:20 AM IST

ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী বেংক একাউন্টৰ গৰাকী কমল মণ্ডলে 2017 চনৰ 20 ফেব্ৰুৱাৰীত শাখাটোত এটা বেংক একাউন্ট খুলি টকা পইচাৰ লেনদেন চলাই আহিছে ৷

কোকৰাঝাৰ শাখা ইউকো বেংকত জালিয়াতি

কোকৰাঝাৰ,27 আগষ্ট: কোকৰাঝাৰ শাখা ইউকো বেংকত ব্যাপক জালিয়াতিৰ ঘটনা ৷ এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ বেংক একাউন্ট ব্যৱহাৰ কৰি জালিয়াতিৰে গোপনে ঋণ লোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী বেংক একাউন্টৰ গৰাকী কমল মণ্ডলে 2017 চনৰ 20 ফেব্ৰুৱাৰীত শাখাটোত এটা বেংক একাউন্ট খুলি টকা পইচাৰ লেনদেন চলাই আহিছে ৷ কিন্তু শেহতীয়াকৈ ব্যক্তিজনৰ একাউন্টৰ পৰা পূৰ্বৰ ঋণৰ বাবদ কৰ্তন কৰা হৈছে 35 হাজাৰ টকা ৷ কিন্তু অতি আশ্বৰ্যজনক কথাটো হ'ল, সেই বেংকৰ পৰা কামাল মণ্ডলে কেতিয়াও ঋণ লোৱা নাই বুলি মন্তব্য কৰি এইয়া জালিয়াতি বুলি অভিযোগ তুলি কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

কোকৰাঝাৰ শাখা ইউকো বেংকত জালিয়াতি

উল্লেখ্য যে বেংকৰ তথ্য অনুসৰি কামাল মণ্ডলৰ নামত উক্ত একাউন্ট নম্বৰৰ পৰা 2014 চনতে 25 হাজাৰ টকা ঋণ লোৱা হৈছিল ৷ সেইয়া সুতে-মূলে মিলি এতিয়া ৩৫ হাজাৰ টকা হয় ৷ গতিকে বেংকটোৰ বৰ্তমানৰ প্ৰৱন্ধকে কামাল মণ্ডলৰ একাউন্ট নম্বৰ-০৪৯৫০১১০১০৮১৩ ৰ পৰা উক্ত টকা আদায় কৰি লৈছে ৷ আৰু ইয়াৰ পাছতেই পোহৰলৈ আহিছে ব্যক্তিজনৰ লগত সংঘটিত হোৱা ব্যাপক জালিয়াতিৰ ঘটনা ৷ আচলতে 2014 চনত তেতিয়াৰ প্ৰৱন্ধকৰ লগত মিলি উক্ত একাউন্ট নম্বৰত কামাল মণ্ডলৰ নামত একাউন্ট খুলি ঋণ লৈছিল শুকুৰ আলী নামৰ এজন ব্যক্তিয়ে ৷ এতিয়া দুৰ্ভগীয়া কামালৰ প্ৰশ্ন যে, তেওঁৰ অজ্ঞাতে কেনেকৈ সংঘটিত হল এই ঘটনা? কেনেকৈ তেঁওৰ একাউন্ট নম্বৰৰ সৈতে শুকুৰ আলী আকন্দৰক একাউন্ট নম্বৰ একে হ’ল ? নে বেংকৰ কোনো বিষয়া এই জালিয়াতিৰে জড়িত ? ঘটনাৰ উচিত তদন্ত বিচাৰি ইতিমধ্যেই আৰক্ষীৰ কাষ চাপিছে কামাল মণ্ডল ৷

Intro:কোকৰাঝাৰ শাখা ইউকোবেংকত জালিয়াতি,আনৰ একাউন্টেৰে সৰকালে ঋণৰ ধণ

কোকৰাঝাৰ চহৰস্থিত ইউকো বেংকত এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ(গ্ৰাহক)একাউন্ট ব্যৱহাৰ কৰি জালিয়াতিৰে গোপনে ঋণ লোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে৷

Body:এই সন্দৰ্ভত আজি জালিয়াতিৰ বাবে সৰ্বশ্ৰান্ত হোৱা প্ৰকৃত একাউন্টৰ গৰাকী কামাল মন্ডলে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এক এজাহাৰত উল্লেখ কৰাৰ লগতে সাংবাদিকৰ আগত প্ৰকাশ কৰামতে ২০/০২/২০১৭ তাৰিখে কোকৰাঝাৰ শাখা ইউকোবেংকত তেওঁ এটা একাউন্ট খুলি নিয়মীয়াকৈ টকা-পইচাৰ লেনদেন কৰি থাকে কিন্তু তাৰ মাজতে আচামী তথা জালিয়াতিৰ সৈতে জড়িত শুকুৰ আলী আকন্দে পূৰ্বৰ বেংক প্ৰৱন্ধক গৰাকীৰ সৈতে লগলাগি এজাহাৰকাৰী কামাল মন্ডলৰ নামত ২০১৪ চনত কেচিচিৰ ঋণ লৈ এজাহাৰকাৰীক ঠগিছে৷আচামীজনে বেংকৰ পৰা ২৫,০০০(পচিশঁ হেজাৰ) টকাৰ ঋণ লৈছিল যদিও সেয়া সুতে-মূলে মিলি এতিয়া ৩৫,০০০ (পয়ত্ৰিশ)হেজাৰ টকা হৈছেগৈ৷অথচ বেংকৰ পৰা ঋণ নোলোৱা কামাল মন্ডলৰ একাউন্ট নম্বৰ-০৪৯৫০১১০১০৮১৩ৰ পৰা বৰ্তমানৰ প্ৰৱন্ধক গৰাকীয়ে ঋণৰ টকা কৰ্তন কৰাত কামালৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷দুৰ্ভগীয়া কামালৰ প্ৰশ্ন যে তেওঁৰ একাউন্ট নম্বৰৰ সৈতে আচামী শুকুৰ আলী আকন্দৰ একাউন্ট নম্বৰ কেনেকৈ একে হ’ল নে বেংকৰ কোনো বিষয়া এই জালিয়াতিৰে জড়িত৷

Conclusion:উল্লেখ্য যে কামালে সমগ্ৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰিছে৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.