Road Accident in Kokrajhar : কোকৰাঝাৰত ভয়াৱহ পথ দুৰ্ঘটনাত ২ ছাত্ৰৰ মৃত্যু

author img

By

Published : Dec 1, 2021, 3:58 PM IST

Two students died in accident in Kokrajhar

কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজন ছাত্ৰ(two students died in accident in Kokrajhar)ৰ । বুধবাৰে পুৱতি নিশা দেৱৰগাঁৱৰ পাখ্ৰিগুৰিত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । নিহত ছাত্ৰ দুজন হৈছে নাৰাবাৰীৰ লৈথুমা বসুমতাৰী আৰু বাক্সাৰ শালবাৰীৰ গেৰমছা স্বৰ্গীয়াৰী ।

কোকৰাঝাৰ, ১ ডিচেম্বৰ: বুধবাৰে পুৱতি নিশা কোকৰাঝাৰৰ নিকৰ্টৱৰ্তী দেৱৰগাঁৱৰ পাখ্ৰিগুৰিত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত দুজন ছাত্ৰই প্ৰাণ হেৰুৱায়(Students killed in accident in Kokrajhar) । জানিব পৰা মতে, কোকৰাঝাৰ চহৰত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উপভোগ কৰি বুধবাৰে পুৱতি নিশা নাৰাবাৰীলৈ গৈ আছিল লৈথুমা বসুমতাৰী আৰু গেৰমছা স্বৰ্গীয়াৰী । লৈথুমা বসুমতাৰীৰ ঘৰ নাৰাবাৰীত আৰু গেৰমছা স্বৰ্গীয়াৰীৰ ঘৰ বাক্সাৰ শালবাৰীত ।

Two students died in accident in Kokrajhar
কোকৰাঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা

গেৰমছা স্বৰ্গীয়াৰীও লৈথুমাৰ নাৰাবাৰীস্থিত বাসগৃহলৈ বাইকেৰে গৈ আছিল । কিন্তু পাখ্ৰিগুৰিত পথৰ দাঁতিত ৰৈ থকা এখন ডাম্পাৰত বাইকখনে খুন্দিয়ায়(Bike accident in Kokrajhar) । থিতাতে মৃত্যু হয় দুয়োজন ছাত্ৰৰ ।

লৈথুমা বসুমতাৰী M.comৰ ছাত্ৰ আৰু গেৰমছা স্বৰ্গীয়াৰীয়ে দিল্লীৰ এক প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি কেইদিনমান পূৰ্বে ঘৰলৈ আহিছিল । ছাত্ৰ দুজনৰ মৃত্যুৱে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক:Massive Fire in Howly: কদমগুৰিত দমাই থোৱা মৰাপাটৰ পুঁজিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.