Massive Fire in Howly: কদমগুৰিত দমাই থোৱা মৰাপাটৰ পুঁজিত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Nov 30, 2021, 10:54 PM IST

Massive Fire in Howly

উলীৰ কদমগুৰিত মৰাপাটৰ এটা দ'মত ভয়ংকৰ অগ্নিকাণ্ড(Massive Fire in Howly) ৷ জুইত জাহ গ'ল ৭ লাখ টকাৰ মৰাপাট ৷ মৰাপাটৰ দ'মটোত দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

বৰপেটা, ৩০ নৱেম্বৰ : বৰপেটাৰ হাউলীৰ কদমগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Massive Fire in Howly) ৷ দমাই থোৱা মৰাপাটৰ পুঁজিত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ কোনো দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ (miscreants set to fire) প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

জানিব পৰা মতে, কদমগুৰি গাঁৱৰ ইক্ৰামুল হুছেইন আৰু ছুৰত জামাল নামৰ ব্যৱসায়ী দুগৰাকীৰ আছিল মৰাপাটবোৰ ৷ ইক্ৰামুল হুছেইনৰ ঘৰৰ সন্মুখৰ মুকলি ঠাইত দুটাকৈ পুঁজি সাজি দমাই থৈছিল মৰাপাটবোৰ ৷ অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত (fire brigade vehicle present on spot) হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

কদমগুৰিত দমাই থোৱা মৰাপাটৰ পুঁজিত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত মৰাপাটৰ এটা পুঁজি সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও আন এটা মৰাপাটৰ পুঁজি ৰক্ষা পৰে ৷ অগ্নিকাণ্ডটোত প্ৰায় ৭ লাখ টকাৰ মৰাপাট ভস্মীভূত হোৱা সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক: Har Ghar Dastak Campaign: বজালীত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.