Revolver recovered in Kokrajhar: কোকৰাঝাৰ চহৰৰ মাজমজিয়াত গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰ

author img

By

Published : Dec 23, 2022, 1:58 PM IST

Revolver recovered with bullet in Kokrajhar

গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত । কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ অভাৰ ব্ৰীজৰ তলতে থকা এটা ৰাজহুৱা প্ৰসাৱগাৰৰ সন্মুখত থকা খৰিৰ দমৰ মাজৰ পৰা বৃহস্পতিবাৰে নিশা এটা গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে(Revolver recovered with bullet in Kokrajhar) ।

কোকৰাঝাৰ,২৩ ডিচেম্বৰ: কোকৰাঝাৰত অস্ত্ৰৰ ঝনঝননি । ৰাজহুৱা স্থানত উদ্ধাৰ গুলীভৰ্তি ৰিভলভাৰ(Revolver recovered in Kokrajhar) । কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ অভাৰ ব্ৰীজৰ নামনিত এটা ৰাজহুৱা প্ৰসাৱগাৰৰ সন্মুখত থকা খৰিৰ দমৰ মাজৰ পৰা বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰা হয় এটা গুলীভৰ্তি ৰিভলভাৰ(Revolver recovered with bullet in Kokrajhar) । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা এগৰাকী মহিলাই অভাৰব্ৰীজৰ গাতে লাগি থকা "পে এণ্ড ইউজ" টয়লেটৰ সন্মুখত থকা খৰি লবলৈ ধৰোতেই ৰিভলভাৰটো প্ৰত্যক্ষ কৰে । মহিলাগৰাকীয়ে লগে লগে কাষৰ লোকসকলক অৱগত কৰাত ততালিকে খবৰ দিয়া হয় আৰক্ষীক । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ ৰিভলভাৰটো উদ্ধাৰ কৰি কোকৰাঝাৰ সদৰ থানালৈ লৈ আনে(Arms recover in Kokrajhar) ৷

ৰিভলভাৰটো কোনে কি কাৰণত তাত লুকুৱাই ৰাখিছিল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । ইফালে আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত সাংবাদিকৰ আগত কোনো তথ্য সদৰি কৰা নাই । উল্লেখ্য যে ৰিভলভাৰটো উদ্ধাৰ হোৱা স্থানৰ কাষতে আছে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ ।

যিখন খেলপথাৰতে জিলা প্ৰশাসনে প্ৰতিবছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস উদযাপন কৰে । লক্ষণীয়ভাৱে ২৬ জানুৱাৰীৰ পূৰ্বে উক্ত স্থানত ৰিভলভাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰহস্যৰো সৃষ্টি কৰিছে ।

লগতে পঢ়ক: Smugglers arrested with ganja: চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত গাড়ীসহ গাঞ্জা সৰবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.