ETV Bharat / state

মানৱতাৰ বধ্যভূমি কোকৰাঝাৰত মানৱতাৰ জয়গান..

author img

By

Published : Apr 13, 2020, 6:25 PM IST

Relief during lockdown in kokrajhar
সাহায্য প্ৰদান

মানৱতাৰ বধ্যভূমি কোকৰাঝাৰত এতিয়া চৌদিশে মানৱতাৰ জয়গান ৷ কোকৰাঝাৰৰ চান্দামাৰী গাঁৱ নিবাসী আৰ্তসকলক এমাহৰ খাদ্য সামগ্ৰী বিতৰণ কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ ৷ লগতে জিলাখনৰ যুৱ সাংবাদিকৰ সাহায্য প্ৰদান আৰ্তজনক ৷

কোকৰাঝাৰ,13 এপ্ৰিলঃ কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়ে সোমবাৰে থিয় দিয়ে আৰ্তজনৰ কাষত ৷ জিলাখনৰ চান্দামাৰী খণ্ড ২ নং গাঁৱত ল’ক ডাউনৰ বাবে খাদ্যৰ অভাৱত ভুগি থকা ২৫টা পৰিয়ালক এমাহৰ জোখাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰ এন সিনহাৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে একোখনকৈ মাস্ক প্ৰদান কৰা হয় ৷ মহাবিদ্যালয় পৰিয়ালৰ এই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে বিভিন্ন মহলে ৷

সাহায্য প্ৰদান আৰ্তজনক

আনহাতে, চহৰখনৰ উদীয়মান সাংবাদিক দানসৰাং ব্ৰহ্মই ভৱানীপুৰৰ প্ৰায় কুৰিটা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে ৷ লগতে ধুবুৰীৰ সীমান্তৱৰ্তী কোকৰাঝাৰৰ সীমামুৰীয়া পাৰউৰা গাঁৱত কেইজনমান চৰকাৰী কৰ্মচাৰীয়ে আৰ্তজনলৈ খাদ্য সামগ্ৰী আগবঢ়ায় ৷ গাঁওবুঢ়া কামেশ্বৰ বসুমতাৰীয়ে লোককেইজনৰ এই কাৰ্যৰ শলাগ লয় ৷

লগতে চাওকঃ পেৰাচিটামল ক্ৰয় কৰা সকলক কৰা হ'ব ট্ৰেক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.