RNB civil hospital: ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰৰ নিৰ্দেশত অসন্তুষ্ট কোকৰাঝাৰবাসী

author img

By

Published : Jan 19, 2023, 10:34 PM IST

Govt order to relocate RNB civil hospital

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰ নিৰ্দেশ (Govt order to relocate RNB civil hospital) ৷ এই নিৰ্দেশৰ পাচতে কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়া ৷ চৰকাৰক সমালোচনা বিপিএফ নেতা দনেশ্বৰ গয়াৰীৰ ৷

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ নিৰ্দেশ

কোকৰাঝাৰ ১৯ জানুৱাৰী : অচিৰেই আৰম্ভ হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (Medical College in Kokrajhar) ৷ কিন্তু আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগ, অপাৰেচন কক্ষ আদিকে ধৰি সমূহ কৰ্মচাৰীক মেডিকেল কলেজলৈ স্থানান্তৰকৰণৰ নিৰ্দেশ দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Govt order to relocate RNB civil hospital)।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে বিটিআৰৰ মুখ্য সচিব আৰু জিলা উপায়ুক্তলৈ এই সন্দৰ্ভত এক নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ অহা ৩১ জানুৱাৰীৰ পৰা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপলব্ধ হোৱা সকলো সেৱা মেডিকেল কলেজত উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । স্থানান্তৰকৰণ নিৰ্দেশ বাহিৰ হোৱাৰ পিচতেই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Rupnath Brahma Civil Hospital in Kokrajhar) ।

এই সন্দৰ্ভত বিটিআৰ বিধান পৰিষদৰ পাৰিষদ তথা বিপিএফৰ জ্যেষ্ঠ নেতা দনেশ্বৰ গয়াৰীয়ে কয় যে, পৰিৱৰ্তনৰ শ্ল’গান আওৰোৱা প্ৰমোদ বড়ো চৰকাৰে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়খনো জনসাধাৰণৰ সুবিধাৰ্থে ৰাখিবলৈ সক্ষম হোৱা নাই । চৰকাৰক কঠোৰ সমালোচনা কৰি বিপিএফৰ নেতা দনেশ্বৰ গয়াৰীয়ে এখন চিকিৎসালয় চলাবলৈ চৰকাৰৰ ধন নথকা বিষয়টো উত্থাপন কৰি পৰিৱৰ্তনকামী চৰকাৰৰ এয়াই পৰিৱৰ্তন নেকি বুলি প্ৰশ্ন তুলিছে (BPF leader criticizes BJP led Assam govt)।

উল্লেখ্য যে, কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগ, অপাৰেচন কক্ষ আদিকে ধৰি সমুহ কৰ্মচাৰীক কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৭/৮ কিলোমিটাৰ নিলগৰ বেচৰগাঁওস্থিত মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হ’ব ৷ যাৰ ফলত আপাতত আৰএনবি চিকিৎসালয়খনৰ কোনো কাম নোহোৱা হ'ব ৷ এইক্ষেত্ৰত ৰোগীসকল যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'ব বুলি বিভিন্ন জনে মত পোষণ কৰিছে ।

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন পূৰ্বৰ মৰ্যদাৰে ৰাখিবলৈ ইতিমধ্যে দাবী উত্থাপিত হৈছে আৰু স্থানান্তৰ কৰিলে কোকৰাঝাৰবাসী ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব বুলি বহুতেই মন্তব্য প্ৰকাশ কৰিছে । ইপিনে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰা সন্দৰ্ভত নিজ মন্তব্য প্ৰকাশ কৰিছে ।

তেওঁ কয় যে, এতিয়া কিছু বিভাগ মেডিকেল কলেজৰ সতে সমান্তৰালভাৱে আৰএনবিত চলি থাকিব আৰু কিছু বিভাগ মেডিকেল কলেজলৈ স্থানান্তৰ হ'ব । এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰি জনসাধাৰণক শংকিত নহ’বলৈ তেওঁ আহ্বান জনায় ৷ লগতে আৰএনবিতকৈ মেডিকেল কলেজত অধিক সা-সুবিধাহে উপলব্ধ হ’ব বুলি মত প্ৰকাশ কৰিছে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ।

লগতে পঢ়ক: Separate state or UT: মমতাৰ বাবে কেন্দ্ৰৰ গেম প্লেন হ’ব নেকি পৃথক কমতাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.