Separate state or UT: মমতাৰ বাবে কেন্দ্ৰৰ গেম প্লেন হ’ব নেকি পৃথক কমতাপুৰ

author img

By

Published : Jan 19, 2023, 8:46 PM IST

Demand of separate Kamatapur

আঢ়ৈ দশকৰ সংগ্ৰাম আৰু স্বপ্নই বাস্তৱ ৰূপ পাবনে সঁচাকৈ ? চৰ্চিত হোৱাৰ দৰে ২৬ জানুৱাৰীত পৃথক কমতাপুৰ ৰাজ্য সঁচাকৈ ঘোষণা হ’বনে (Demand of separate Kamatapur) ? অসম, পশ্চিমবংগ আৰু বিহাৰক বিভাজন কৰি কমতাপুৰ গঠন কৰিবনে ? মমতাৰ শক্তি কম কৰাৰ হাথিয়াৰতহে পৰিণত হ’ব নেকি জীৱন সিংহ (Jiban Singha came to peace talk) ? পৃথক কমতাপুৰক লৈ বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলে ৰহস্যজনকভাৱে অৱলম্বন কৰিছে মৌনতা ৷

গুৱাহাটী, ১৯ জানুৱাৰী: মাত্ৰ তিনিদিনৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে আলোচনাত ভাগ ল’বৰ বাবে ম্যানমাৰৰ অৰণ্য এৰি অসমত উপস্থিত হয় পৃথক কমতাপুৰৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰা কমতাপুৰ মুক্তি সংগঠন চমুকৈ কেএল অ’ৰ নেতা জীৱন সিংহ (KLO Chief Jiban Singha left forest) ৷ লগত আন ৯ জন সতীৰ্থ কেডাৰ ৷ জীৱন সিংহই অৰণ্য এৰি অসমত ভৰি দিয়াৰ পিচতো সমগ্ৰ ঘটনাক্ৰম এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে (Issue of separate Kamatapur) ৷

অতি সন্তৰ্পণে কে এল অ’ৰ (Kamtapur liberation organisation) সৈতে আলোচনা প্ৰক্ৰিয়া আগবঢ়াইছে ভাৰত চৰকাৰে ৷ বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱাৰ মূৰব্বীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কে এল অ’ৰ শান্তি প্ৰক্ৰিয়া প্ৰসংগত বৈঠকতো মিলিত হয় ৷ সমগ্ৰ বৈঠকৰ মূল বিষয় আছিল জীৱন সিংহৰ আলোচনাৰ বাবে আগমন আৰু কে এল অ’ৰ প্ৰস্তাৱিত কমতাপুৰ তথা শান্তি চুক্তিৰ খচৰা প্ৰসংগ (KLO peace talk with govt) ৷

বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে, ২৬ জানুৱাৰীৰ পূৰ্বে অহা ২১ জানুৱাৰীত এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আঁৰ কাপোৰেৰে এতিয়াও ঢাকি ৰখা এই শান্তি চুক্তিক লৈ অব্যাহত আছে ব্যাপক জল্পনা-কল্পনা (Demand of separate Kamatapur) ৷

KLO Chief Jiban Singha left forest
কেএল অ’ৰ নেতা জীৱন সিংহ

পৃথক কমতাপুৰ ৰাজ্য নে কেন্দ্ৰীয় শাসিত কমতাপুৰ অঞ্চল:

পৃথক ৰাজ্যৰ স্বপ্ন খেদি থকা আঢ়ৈটা দশকৰ কে এল অ’ৰ সংগ্ৰামৰ পিছত এতিয়া বাস্তৱত কি হ’ব ? এতিয়া মূল কথা হ’ল সঁচাকৈয়ে কে এল অ’ৱে দাবী কৰাৰ দৰেই কামতাপুৰ ৰাজ্য কেন্দ্ৰই ঘোষণা কৰিবনে ? অনন্ত মহাৰাজ নামৰ ধৰ্মগুৰুজনে দাবী কৰা অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিব ? ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল যিয়েই ঘোষণা নকৰক কিয়, পৰিসীমা কি হ’ব কমতাপুৰৰ ?

পূৰ্ণাংগ কমতাপুৰ ৰাজ্যৰ পৰিৱৰ্তে কেন্দ্ৰই কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপেহে ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে বুলি চৰ্চিত হৈছে ৷ এই প্ৰস্তাৱো আগবঢ়াইছে কে এল অ’লৈ ৷ বৰ্তমানলৈ এই প্ৰস্তাৱ কে এল অ’ৱে মানি লোৱাৰ পথত (KLO demands for separate Kamatapur) ৷ দুই-এটা জটিলতা থাকিলেও কে এল অ’ৱে দাবী কৰাৰ দৰেই এক বৃহৎ অঞ্চল কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত কৰিবলৈ প্ৰস্তুত হৈছে কেন্দ্ৰ ৷ সম্পূৰ্ণ উত্তৰ বংগ কামতাপুৰত সংলগ্ন কৰিবলৈ কেন্দ্ৰ যে প্ৰস্তুত হৈছে এয়া প্ৰায় নিশ্চিত ৷ উত্তৰ বংগৰ ৮ খন জিলা কামতাপুৰত অন্তৰ্ভুক্ত কৰিব ৷

লগতে পঢ়ক: KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

কমতাপুৰৰ এই সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত আটাইতকৈ জটিলতাৰ সন্মুখীন হৈছে অসমৰ ক্ষেত্ৰত ৷ বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, চিৰাং আৰু কোকৰাঝাৰ এই ৬ খন জিলা প্ৰস্তাৱিত কমতাপুৰৰ অন্তৰ্গত কৰাৰ দাবী জনাই আহিছিল কোচ ৰাজবংশী দল-সংগঠন আৰু কে এল অ’ৱে ৷ কিন্তু অসমৰ এই জিলা কেইখনৰ ক্ষেত্ৰত কে এল অ’ৰ দাবী পূৰণত জটিলতাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ ৷

মমতা বেনাৰ্জীৰ শক্তিনাশৰ অস্ত্ৰ হ’ব নেকি জীৱন সিংহ :

ৰাজনৈতিক আৰু সমাজ বিশ্লেষক সকলৰ মাজত ব্যাপক চৰ্চা হৈছে যে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শক্তিনাশ কৰাটো এই শান্তি চুক্তিৰ অন্যতম উদ্দেশ্য ৷ কাৰণ হিচাবে কোৱা হৈছে যে, কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষিত হ’লেও কোচবিহাৰ, জলপাইগুৰি, দাৰ্জিলিং, আলিপুৰ দুৱাৰ, কলিংপং, উত্তৰ দিনহাজপুৰ, পশ্চিম দিনহাজপুৰ আৰু মালদাহসহ এই ৮ খন জিলা কৰ্তন হ’ব পশ্চিমবংগৰ পৰা ৷

এই ৮ খন জিলা পশ্চিমবংগৰ পৰা নোহোৱা হ’লে লোকসভা আৰু বিধানসভা দুয়ো ঠাইতে শক্তি ক্ষয় হ’ব তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ ৷ কিয়নো ২০১৯ ৰ লোকসভা আৰু বিগত বিধানসভা নিৰ্বাচনত পশ্চমিবংগত সৰ্ব শক্তি প্ৰয়োগ কৰিও সফল হ’ব পৰা নাছিল শাসকীয় বিজেপি ৷ সেয়ে বিজেপি নেতৃত্বাধীন চৰকাৰে জীৱন সিংহৰ লগত শান্তি আলোচনাৰ জৰিয়তে মমতা বেনাৰ্জীৰ শক্তিনাশৰ উদ্দেশ্য আগত ৰখা বুলি সমান্তৰালভাৱে চৰ্চিত হৈছে ৷

আনহাতে, বিহাৰৰ পুনীয়া আৰু কিষাণগঞ্জ জিলা প্ৰস্তাৱিত কমতাপুৰত অন্তৰ্ভুক্ত হ’ব বুলি চৰ্চিত হৈছে । কে এল অ’ৰ দাবীত আছে বিহাৰৰ কাটিহাৰ আৰু আৰিয়াৰ জিলাও ৷ শান্তি আলোচনাৰ খচৰা নাইবা চুক্তিৰ পিচতহে হয়তো সবিশেষ পোহৰলৈ আহিব ৷ কিয়নো এই বিষয়টোক লৈ ব্যাপক চৰ্চা-প্ৰতিক্ৰিয়া হৈ থকাৰ পিচতো কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে কেএলঅ’ নেতৃত্ব ৷

কমতাপুৰক লৈ মৌন প্ৰায় সকলো ৰাজনৈতিক দল:

কে এল অ’ৰ আলোচনা প্ৰক্ৰিয়াক সকলো ৰাজনৈতিক দলে আদৰণি জনাইছে যদিও পৃথক কমতাপুৰ ৰাজ্য সন্দৰ্ভত প্ৰায়বোৰো ৰাজনৈতিক দলেই অসমত মৌনতা অৱলম্বন কৰিছে ৷ অৱশ্যে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ধুবুৰীত ব্যস্ত AIUDFৰ সাংসদ তথা মুৰব্বী বদৰুদ্দিন আজমলে প্ৰস্তাৱিত কমতাপুৰত ধুবুৰী অঞ্চলক অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছে ৷ কিন্তু কিয় আনবোৰ ৰাজনৈতিক দলে মৌনতা অৱলম্বন কৰিছে সেয়াও মনকৰিবলগীয়া ৷

কে এন অ’লৰে আলোচনা আৰু পৃথক কমতাপুৰক লৈ বিজেপিৰ বাদে আন সকলো ৰাজনৈতিক দলৰ নেতৃত্ব এতিয়া সন্দিহানত ৷ সেয়ে এই মুহূৰ্তত মাত মাতি জটিলতাত সোমাব খোজা নাই ৰাজনৈতিক দলসমূহ । এতিয়া অপেক্ষা কেৱল কে এল অ’ৰে কেন্দ্ৰৰ আলোচনালৈ ৷ তাৰ পিচতেই স্পষ্ট হৈ পৰিব শান্তি চুক্তিৰ ফলশ্ৰুতি ৷

লগতে পঢ়ক: KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.