বিটিআৰত IIT ৰ চৌহদ খোলাৰ বাবে দাবী প্ৰমোদ বড়োৰ

author img

By

Published : Nov 8, 2021, 9:51 PM IST

promad-boro- in cit

১৫ বছৰৰ মুৰত কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সমাবৰ্তন অনুষ্ঠান ৷ চিআইটিৰ পৰা উত্তীৰ্ণ হোৱা ২৮ গৰাকী এমটেক ডিগ্ৰীধাৰীক আনুষ্ঠানিক ডিগ্ৰী প্ৰদান ৷ সমাবৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷

কোকৰাঝাৰ, ৮ নৱেম্বৰ : ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা ঐতিহাসিক বড়ো চুক্তি মৰ্মে কোকৰাঝাৰত স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত সোমবাৰে ১৫ বছৰৰ মূৰত প্ৰথম সমাবৰ্তন অনুষ্ঠান অনুষ্ঠিত হয় । অতি জাকজমকতাৰে অনুষ্ঠিত হোৱা প্ৰথম সমাবৰ্তন অনুষ্ঠানত চিআইটিৰ পৰা উত্তীৰ্ণ হোৱা ২৮ গৰাকী এমটেক ডিগ্ৰীধাৰীক আনুষ্ঠানিক ডিগ্ৰী প্ৰদান কৰা হয় ।

promad-boro- in cit
বিটিআৰত IIT ৰ চৌহদ খোলাৰ বাবে দাবী প্ৰমোদ বড়োৰ

উক্ত সমাবৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে চিআইটিয়ে সুন্দৰ আৰম্ভণি কৰা বুলি মন্তব্য কৰি ইতিমধ্যে চিআইটি ডিমড বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হৈছে বুলি মন্তব্য কৰে । প্ৰতিযোগীতামূলক পৰিস্থিতিৰ সতে মোকাবিলা কৰিবলৈ হলে শ্ৰেষ্ঠতাৰ প্ৰয়োজন আৰু সেয়েহে চিআইটিত আআইটিৰ চৌহদ মুকলি কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনোৱা হ’ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰৰ যি কোনো এখন জিলাত গুৱাহাটীস্থিত আআইটিৰ চৌহদ খোলাৰ বাবে দাবী উত্থাপন কৰিছে ।

promad-boro- in cit
বিটিআৰত IIT ৰ চৌহদ খোলাৰ বাবে দাবী প্ৰমোদ বড়োৰ

অনাগত সময়ছোৱাত চিআইটিত নতুন নতুন প্ৰগ্ৰাম, বিষয় মুকলি কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰিছে প্ৰমোদ বড়োৱে ।

promad-boro- in cit
বিটিআৰত IIT ৰ চৌহদ খোলাৰ বাবে দাবী প্ৰমোদ বড়োৰ

চিআইটি কোকৰাঝাৰৰ পঞ্জীয়ক চৈতালী ব্ৰহ্মই আঁত ধৰা সমাবৰ্তন অনুষ্ঠানত গুৱাহাটী আইআইটিৰ সঞ্চালক তথা চিআইটিৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰফেচৰ টি জি সীতাৰাম, এআইচিটিইৰ অধ্যক্ষ প্ৰফেচৰ অনিল ডি সাহাশ্ৰাবুদ্ধ ,পদ্মশ্ৰী ড°প্ৰহ্লাদ ৰামা ৰাও, পদ্মশ্ৰী ড° জিতেন্দ্ৰ নাথ গোস্বামী, প্ৰফেচৰ হেমন্ত কলিতা আৰু ফেকাল্টি সকল উপস্থিত থাকে ৷ নিজৰ ভাষণত অতিথিসকলে শিক্ষাক কেৱল চাৰ্টিফিকেট হিচাবে নলৈ জ্ঞানেৰে পৰিপুষ্ঠ হৈ সফলতাৰ দিশে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : লুৰীণলৈ বুলি একেই আছেনে ৰাইজৰ মৰম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.