ETV Bharat / state

কোকৰাঝাৰত পুনৰ ব্যৱসায়ীক আক্ৰমণ দুষ্কৃতিকাৰীৰ

author img

By

Published : Jun 11, 2022, 10:23 AM IST

আকৌ অশান্ত হৈ উঠিছে কোকৰাঝাৰ ৷ পুনৰ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন ব্যৱসায়ী (Businessman injured in Kokrajhar) ৷ পিষ্টলৰ বাটেৰে ব্যৱসায়ীগৰাকীৰ মূৰত আঘাত কৰি দুষ্কৃতিকাৰীয়ে ধন দাবী কৰে । সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

Miscreants attack businessman with sharp weapons in Kokrajhar
পুনৰ কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন ব্যৱসায়ী

কোকৰাঝাৰ, 11 জুন: পুনৰ অশান্ত কোকৰাঝাৰ ৷ বিভিন্ন বিদ্ৰোহী সংগঠনে মূলসুঁতিলৈ ঘুৰি অহাৰ পিছতে কিছুদিনৰ বাবে শান্তিৰ পৰিবেশ বিৰাজ কৰা বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰত পুনৰ অশান্ত হৈ উঠিছে ৷ জিলাখনত সম্প্ৰতি ধন দাবী তথা হিংসাত্মক কাৰ্যকলাপ প্ৰায়ে সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ জিলাখনৰ ছালাকাটিত শুকুৰবাৰে নিশা ধনদাবী কৰিবলৈ অহা অস্ত্ৰধাৰী অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে এজন ব্যৱসায়ীক (Businessman injured in Kokrajhar) ৷

ব্যৱসায়ীজনে জনোৱা অনুসৰি, নিশা 8.30 মান বজাত দোকানত থকাৰ সময়তে এটা ছয়জনীয়া দুষ্কৃতিকাৰীৰ দলে চাৰিটা পিষ্টল লৈ দোকানত প্ৰৱেশ কৰে ৷ লগতে ব্যৱসায়ী বিকাশ জৈনৰ পৰা ধনদাবী কৰে । ব্যৱসায়ীগৰাকীয়ে ধন নাই বুলি কোৱাত পিষ্টলৰ বাটেৰে (Butt) ব্যৱসায়ীগৰাকীৰ মূৰত আঘাত কৰে (Miscreants attack businessman with Pistol) । ইয়াৰোপৰি দুষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰি আহত কৰি কেচ বক্সৰ পৰা টকা লুট কৰি নিয়াৰ সময়ত চিচি কেমেৰা বুলি টিভি এটা ভাঙি থৈ যায় বুলি জানিব দিয়ে বিকাশ জৈনে ৷

পুনৰ কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন ব্যৱসায়ী

ঘটনা সংঘটিত হোৱাৰ সময়ত দুষ্কৃতিকাৰীসকলে মাস্ক আৰু হেলমেট পিন্ধি আছিল বুলি ব্যৱসায়ীগৰাকীয়ে সদৰী কৰিছে । দুষ্কৃতিকাৰীসকলে নিজকে কেএলঅ'ৰ সদস্য বুলি চিনাকী দিয়া বুলিও সদৰী কৰিছে ব্যৱসায়ীগৰাকীয়ে । ইতিমধ্যে ঘটনাস্থলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু উপ আৰক্ষী অধীক্ষক পুনম পেগুসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুষ্কৃতিকাৰীৰ দলটোৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি জানিব গৈছে ৷

ইফালে, শনিবাৰে নিশা জিলাখনৰ সেৰফাংগুৰীত কোনো দুৰ্বৃত্তই গুলীচালনা কৰি এজন ব্যৱসায়ী গুলীবিদ্ধ কৰিছিল ৷ ফলত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হৈছিল ৷ সেইদিনাই চিৰাং জিলাৰ আমটেকাতো নিশাই দুষ্কৃতিকাৰীৰ গুলীত অনিল ইছোৱাৰী নামৰ আন এজন ব্যৱসায়ী আহত হৈছিল ৷

লগতে পঢ়ক: পুনৰ অশান্ত কোকৰাঝাৰ: ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.