ETV Bharat / state

সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাতৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ

author img

By

Published : Sep 9, 2019, 4:21 PM IST

সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাতৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ

কোকৰাঝাৰ পূজা পাতল কৰা ভূমিক লৈ দুই সম্প্ৰদায়ৰ মাজত মতানৈক্য ৷ ভাতৃত্ববোধ অটুত ৰখাৰ আহ্বান স্থানীয় ৰাইজৰ ৷

কোকৰাঝাৰ , 9 চেপ্তেম্বৰঃ কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ৷ দীৰ্ঘদিনৰ পৰা পূজা কৰি অহা ভেঁটি লণ্ড-ভণ্ড কৰাৰ চেষ্টা অন্য ধৰ্মালম্বী লোকৰ ৷ অভিযোগ মতে, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত দীৰ্ঘদিনৰ পৰা হিন্দু সম্প্ৰদাৰ লোকে সাৰ্বজনীনভাৱে দূৰ্গা পূজা আয়োজন কৰি অহা ভেঁটিত সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ উন্মাদ লোকে লণ্ড-ভণ্ড কৰিবলৈ চেষ্টা কৰে ৷ দেওবাৰে বিয়লি পাঁচ বজাত ভোটগাঁৱৰে চৌকত আলি নামৰ লোকজনৰ নেতৃত্বত ৫জনীয়া দল এটায়ে ভোটগাও প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা পূজা অনুষ্ঠিত কৰা ঠাইৰ পকী দেৱালখন লোৰ ৰ'ডৰে ভাঙি চূড়মাৰ কৰে ৷ ইমানতে ক্ষান্ত নহৈ সেইখিনি ঠাই হিন্দু সকলৰ পূজা কৰা স্থান নহয় বুলি ভাবুকি দিয়ে ৷ লগে লগে স্থানীয় জনতা ক্ষোভত ফাটি পৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ৰাইজৰ দাবী, ভোটগাঁৱৰ সাতামপুৰুষীয় ভাতৃত্ববোধ অটুত ৰাখিবলৈ শীঘ্ৰে দোষীক আটক কৰক আৰক্ষীয়ে ৷

সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাতৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ
Intro:কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত দীৰ্ঘবছৰৰ পৰা হিন্দু সম্প্ৰদাৰ লোকে সাৰ্বজনীনভাৱে দূৰ্গা পূজা পাতাল কৰি অহা পূজাৰ ভেটি দখৰত আজি একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ উন্মাদ লোকে ভাঙচূৰ কৰাকলৈ ভোটগাওত উত্তেজনা ৷ ইতিমধ্যে উত্তেজিত ঘটনাৰ

Body:পৰিস্হিত নিয়ন্ত্ৰন কৰিবলৈ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্হিতহৈ দোষীক আটক কৰা আশ্বাস দি পৰিস্হিতি শান্ত  কৰে ৷ঘটনাকলৈ পূজা সমিতি তৰফৰ পৰা এজাহাৰ দাখিল কৰে ৷অভিযোগ মতে ঘটনাটো সংঘটিত হয় বিয়লি পাঁচ বজাত ৷ভোটগাওৰে চৌকত আলি নামৰ লোকজনৰ নেতৃত্বত ৫জনীয়া দল এটি হঠাৎ ভোটগাও প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা দূৰ্গা পূঁজাৰ ইটাৰে গাথনি দিয়া পকী দেৱালৰ ভেটিখন লোৰ ৰডলৈ ভাঙচূড় কৰি ইমান্ত ক্ষান্ত নহয় ইয়াত হিন্দু সকলৰ পূজা কৰা স্হান নহয় বুলি হুমকি দি গুচি যায় ৷লগে লগে হিন্দু জনতা ক্ষোভত ফাটি উঠে দূস্কৃতিৰ আমানবীয় কাৰ্যৰ বিৰুদ্ধে আৰু পৰিস্হিতি নিয়ন্ত্ৰনৰ বাৱে আৰক্ষী উপস্হিতহৈ শান্ত কৰে ৰাইজক ৷

Conclusion:ৰাইজৰ দাৱী শীঘ্ৰে দোষী চক্ৰক আটক কৰি ভোটগাওৰ সাতামপুৰষীয় ভাতৃত্ববোধ অটুট ৰখাৰ আহ্বান ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.