ETV Bharat / state

৩ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:45 PM IST

2nd Maihu International Theatre Festival
দ্বিতীয় মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ

International Theatre Festival: কোকৰাঝাৰত দ্বিতীয় মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ৷ তিনি জানুৱাৰীৰ পৰা কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ৷

দ্বিতীয় মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ

কোকৰাঝাৰ, ৩০ ডিচেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰত অহা তিনি জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব দ্বিতীয় মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ । লৌৰগী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ৷ মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ সঞ্চালক তথা লৌৰগী নাট্য গোষ্ঠীৰ সম্পাদক সঞ্জীৱ কুমাৰ ব্ৰহ্ম আৰু সভাপতি সৌমদৌন ব্ৰহ্ম‌ই এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰে ।

নাট্য গোষ্ঠীৰ সম্পাদক সঞ্জীৱ কুমাৰ ব্ৰহ্ম আৰু সভাপতি সৌমদৌন ব্ৰহ্ম‌ই কয় যে লৌৰগী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত তথা বিটিআৰৰ চিনেমা এণ্ড থিয়েটাৰ বিভাগ আৰু ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট জ'ন কালচাৰেল চেন্টাৰৰ সহযোগত আয়োজিত উক্ত দ্বিতীয় মৈহুৰ আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ অহা ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰী লৈ কোকৰাঝাৰৰ চান্দামাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আৰু ৯ আৰু ১০ জানুৱাৰীত চিৰাং জিলাৰ ৰৌমাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট্য মহোৎসৱত দেশ বিদেশৰ মুঠ ১০টা প্ৰখ্যাত নাট্যদলে অংশগ্ৰহণ কৰিব ৷ ১০ খন নাটকৰ ভিতৰত তিনিখন বিদেশী নাটক থাকিব ৷

ইয়াৰে এখন ইংলেণ্ডৰ ইংৰাজী ভাষাৰ 'লাইফ ইজ এ চাৰ্কাচ', দক্ষিণ আফ্ৰিকাৰ উৰুগুৱেৰ 'ওৱানছ এ হৰ্ছ' আৰু বাংলাদেশৰ কক বড়ো ভাষাৰ নাটক 'খেলাং বাৰ' নাটকখন মহোৎসৱত মঞ্চস্থ হ'ব । তদুপৰি পাঞ্জাৱৰ হিন্দী ভাষাৰ, ভূপালৰ পৰা চত্তীশগড়ী ভাষাৰ নাটক, কোকৰাঝাৰৰ লৌৰগী থিয়েটাৰৰ পৰা বড়ো, ডিব্ৰুগড়ৰ, বাদ্যুমদ্যুবাৰ ৰাভা নাটক পবিত্ৰ ৰাভাৰ নিৰ্দেশত দ্বিভাষিক নাটক মঞ্চস্থ কৰা হ'ব ।

উল্লেখ্য যে দ্বিতীয় মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱক লৈ কোকৰাঝাৰৰ লৌৰগী থিয়েটাৰ নাট্য দলে পূৰ্ণোদ্যমে আখৰা চলাই আছে ৷

ইপিনে, মৈহুৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী স্বনামধন্য নাট্যকাৰ, অভিনেতা উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ি সদৰী কৰিছে ৷ উল্লেখ্য যে কোকৰাঝাৰৰ লৌৰগী থিয়েটাৰ গ্ৰুপৰ সঞ্জীৱ ব্ৰহ্মৰ দ্বাৰা পৰিচালিত আৰু কেশৱ মুছাহাৰীৰ দ্বাৰা ৰচিত তথা ৰুপজ্যোতি মহন্তৰ কাৰিকৰী নিৰ্দেশত এঘন্টীয়া বড়ো ভাষাৰ সামাজিক সচেতনতামুলক নাট 'ছাখন্দ্ৰা' (সোপাধৰা) নামৰ সমাজ সংস্কাৰমূলক, অন্ধবিশ্বাসৰ পৰিৱৰ্তে বাস্তৱ সমাজৰ চলিত ঘটনাৰাজিক লৈ ৰচিত নাটকখনত নীলাম্বৰ নাৰ্জাৰী, সংগীনা বসুমতাৰী, গণেশ বসুমতাৰী, বিজয়াদিত্য ব্ৰহ্মই অভিনয়ে কৰিব ।

লগতে পঢ়ক:কি কি চৰ্তত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ চুক্তি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.