ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক

author img

By

Published : Sep 4, 2022, 9:22 PM IST

Husband killed wife in Kokrajhar

মানৱ ৰূপী দানৱৰ বৰ্বৰতাই লৈছে চৰম ৰূপ ৷ কোকৰাঝাৰত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Murder case in Kokrajhar)৷ ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife in Kokrajhar)৷

কোকৰাঝাৰ, 4 ছেপ্টেম্বৰ: কোন দিশে গৈছে জীৱশ্ৰেষ্ঠ মানৱৰ মানৱীয়তা ? মানৱ ৰূপী দানৱৰ বৰ্বৰতাই লৈছে চৰম ৰূপ ৷ কোকৰাঝাৰত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Murder case in Kokrajhar)৷

কোকৰাঝাৰত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা ৷ স্বামীয়ে ভাত খাবলৈ বিচাৰোতে ভাত ৰান্ধি নিদিয়াৰ বাবে মাতাল স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife in Kokrajhar)৷ ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে নিশা 8 বজাত স্বামী বলেন সূত্ৰধাৰে মদ্যপান কৰি প্ৰতিদিনৰ দৰেই ঘৰলৈ উভতিছিল ৷ ঘৰলৈ আহি পত্নীক ভাত বিচাৰিছিল বলেনে ৷ কিন্তু পত্নী জয়া সূত্ৰধৰে ভাত নাই বুলি কোৱাত স্বামীয়ে পুনৰ ভাত বনাবলৈ পত্নীক ধমকি দিয়ে ৷ এই কথাতে দুয়োৰে মাজত বাক বিতণ্ডা হোৱাত স্বামী বলেনে খঙত অগ্নিশৰ্মা হৈ জয়াক শাৰীৰিকভাৱে আক্ৰমন কৰে (Domestic violence case in Assam)৷

স্বামীৰ পৰা ৰক্ষা পাবলৈ জয়াই দৌৰি দৌৰি ওচৰৰ চুবুৰীয়াৰ ঘৰলৈ পলায় যায় যদিও বলেনে খেদি খেদি জয়াক আক্ৰমন কৰে ৷ বলেনে পত্নীক বগৰাই লৈ জধেমধে গুৰিয়াই গুৰিয়াই মাৰধৰ কৰে ৷ অৱশেষত স্বামীৰ পৈশাচিক কাণ্ডত প্ৰাণ হেৰুৱাই জয়াই ৷ চাৰি সন্তানৰ মাতৃ আছিল জয়া ৷

এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক এই বিষয়ে অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বলেনক গ্ৰেপ্তাৰ কৰে (Police arrested killer husband)৷ আৰক্ষীয়ে সম্প্ৰতি জয়াৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:খাৰুপেটীয়াত পত্নীক এচিডেৰে আক্ৰমণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.