ETV Bharat / state

কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Dec 29, 2020, 10:49 PM IST

hot-situation-at-the-meeting-of-bharat-raksha-manch-in-kokrajhar
কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰৰ 'ভাৰত ৰক্ষা মঞ্চ' নামৰ এটা সংগঠনৰ এখন সভাত উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি ৷ প্ৰাক্তন এনডিএফবি (এছ) ৰ সদস্য সকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

কোকৰাঝাৰ, 29 ডিচেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে আয়োজিত 'ভাৰত ৰক্ষা মঞ্চ' নামৰ এটা সংগঠনৰ সভাত উত্তপ্তময় এক পৰিস্থিতিৰ সৃষ্টি হয় ৷

hot-situation-at-the-meeting-of-bharat-raksha-manch-in-kokrajhar
কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

জানিব পৰা মতে, প্ৰাক্তন এনডিএফবি (এছ) ৰ সদস্য সকলৰ সমস্যা আলোচনা কৰাক লৈ সভাখন আয়োজন কৰা হৈছিল ৷ সেই মৰ্মে বি টি আৰ সহ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা প্ৰাক্তন এনডিএফবি (এছ) ৰ প্ৰায় সহস্ৰাধিক সদস্য কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত উপস্থিত হয় ৷

hot-situation-at-the-meeting-of-bharat-raksha-manch-in-kokrajhar
কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

প্ৰাক্তন এনডিএফবি (এছ) ৰ একাংশ সদস্যই জানিব দিয়া অনুসৰি, তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰৰ পৰা কোনো প্ৰতিনিধি আহিব বুলি জনোৱাত সুদুৰ ধেমাজি, লখিমপুৰ, গোলাঘাট, শোণিতপুৰ সহ বি টি আৰৰ চাৰিখন জিলাৰ এনডিএফবিৰ সদস্য সকলে গাড়ী ভাড়া লৈ বহু কষ্ট কৰি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত উপস্থিত হৈছিল ৷

hot-situation-at-the-meeting-of-bharat-raksha-manch-in-kokrajhar
কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক : গোলাঘাটত পিতৃৰ কামনাৰ বলি কিশোৰী

কিন্তু প্ৰেক্ষাগৃহত 'ভাৰত ৰক্ষা মঞ্চ'ৰ বেনাৰ দেখি সকলো হতভম্ব হৈ পৰে ৷ সভাত অংশ গ্ৰহণকাৰী সদস্য সকলৰ মনত সন্দেহ উপজে যে, সভাখন আচলতে কাৰ উদ্যোগত তথা কি উদ্দেশ্যৰে আয়োজন কৰা হৈছে ৷ আনকি কি উদ্দেশ্যৰে সভাখন আয়োজন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সভাত উপস্থিত একাংশ প্ৰাক্তন এনডিএফবি (এছ)ই স্পষ্ট কৰিবলৈ দাবী জনায় ৷ কিন্তু তাৰ বিপৰীতে দিল্লী, গুজৰাট, মধ্য প্ৰদেশ, কেৰালা, পশ্চিমবংগ আদিৰ পৰা অহা সংগঠনটোৰ নেতা বিশেষকৈ 'ভাৰত ৰক্ষা মঞ্চ'ৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক সূৰ্যকান্ত কেলকাৰে 'ভাৰত ৰক্ষা মঞ্চ' এক বেচৰকাৰী সংস্থা বুলি উল্লেখ কৰি 2012 চনত বিটিচিত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ পুৰণি বিষয়টো অপ্ৰাসংগিকভাৱে টানি আনি বড়ো-অবৈধ দখলকাৰীৰ মাজত হোৱা সংঘৰ্ষ আছিল বুলি মন্তব্য প্ৰদান কৰাৰ লগে লগে সভাথলী উত্তপ্ত হৈ পৰে ৷

hot-situation-at-the-meeting-of-bharat-raksha-manch-in-kokrajhar
কোকৰাঝাৰত ভাৰত ৰক্ষা মঞ্চৰ সভাত উত্তপ্ত পৰিস্থিতি

অৱশ্যে কোকৰাঝাৰ আৰক্ষীৰ তৎপৰতাত শীৰ্ষ আৰক্ষী বিষয়া সহ অসম আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ এটা বিশাল নিৰাপত্তা বাহিনীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ মাজতে দূৰ-দূৰণিৰ পৰা গাঁথিৰ ধন ভাঙি বুকুত বহু আশা বান্ধি গাড়ী ভাড়া কৰি অহা প্ৰাক্তন এনডিএফবিএছৰ সদস্য সকলে উভতি যাবৰ বাবে গাড়ী ভাড়া বিচাৰি সংগঠনটোৰ নেতা সকলক ঘেৰাও কৰে যদিও সুযোগ বুজি আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ নিৰাপত্তাৰ মাজতে আটাই কেইগৰাকী নেতা সভাথলীৰ পৰা প্ৰস্থান কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : ভাৰতলৈ ইংলেণ্ডৰ বিমান যাত্ৰাৰ অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.