ETV Bharat / state

Encounter in Kokrajhar : আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী

author img

By

Published : Dec 21, 2021, 2:15 PM IST

Updated : Dec 21, 2021, 4:51 PM IST

কোকৰাঝাৰত পুনৰ সংঘটিত হ'ল এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী (drug peddler injured in police firing) ৷

কোকৰাঝাৰত পুনৰ এনকাউন্টাৰ

কোকৰাঝাৰ ২১ ডিচেম্বৰ : কোকৰাঝাৰত পুনৰ সংঘটিত হল Encounterৰ ঘটনা(Ganja supplier injured by police firing) । প্ৰাপ্ত তথ্য অনুসৰি কোকৰাঝাৰ জিলাৰ বিছমুৰী এলেকাত সংঘটিত হয় এই এনকাউন্টাৰ(police firing ganja supplier in kokrajhar) ৷ কোকৰাঝাৰ জিলা আৰক্ষীৰ পিস্টলৰ গুলীত গুলীবিদ্ধ হ'ল হৰেন্দৰ যাদব (২৮) নামৰ উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এজন গাঞ্জা বেপাৰী ৷

কোকৰাঝাৰত পুনৰ এনকাউন্টাৰ
কোকৰাঝাৰত পুনৰ এনকাউন্টাৰ

উল্লেখ্য যে, জিলা খনৰ গোসাইগাঁও মহকুমাৰ অসম - বংগ সীমান্তৰ শিমুলটাপুত সোমবাৰে নিশা আৰক্ষীয়ে বহিৰাজ্য অভিমুখী WB 11C 3219 নম্বৰৰ এখন ছয়চকীয়া ট্ৰাক এখন জব্দ কৰে ৷ উক্ত ট্ৰাক খনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২৯ টা পেকেটত ভৰাই থোৱা ৩০৮ কিলোগ্ৰাম গাঞ্জা ৷ জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য ৭০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই ঘটনাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক মহেশ যাদব ( ৬৫) সহ হৰেন্দ্ৰৰ যাদব( ২৮) নামৰ গাঞ্জা সৰবৰাহৰ লগত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয়(kokrajhar police arrested ganja supplier) ৷

কোকৰাঝাৰত পুনৰ এনকাউন্টাৰ
কোকৰাঝাৰত পুনৰ এনকাউন্টাৰ

আনফালে ,আটকাধীন গাঞ্জা সৰবৰাহকাৰী হৰেন্দ্ৰৰ যাদবে আৰক্ষীক দিয়া স্বীকৰোক্তিৰ ভিত্তিত বিছমুৰী এলেকাত লুকুৱাই থোৱা গাঞ্জা দেখুৱাবলৈ সোমবাৰে মাজনিশাই আৰক্ষীয়ে বিছমুৰী অভিমূখে লৈ গৈছিল আটকাধীন হৰেন্দৰ যাদবক ৷ কিন্তু সেই সময়তে আৰক্ষীৰ হাতৰ পৰা আটকাধীন হৰেন্দৰ যাদবে পলায়ন কৰাৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় হৰেন্দৰ যাদব নামৰ গাঞ্জা সৰবৰাহকাৰীটো ৷

সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আটকাধীন হৰেন্দৰ যাদব ৷

জানিব পৰা মতে অতি ৰহস্যজনকভাবে গাঞ্জাসহ জব্দ কৰা ট্ৰাকখনত সোমবাৰে মাজনিশাই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখন প্ৰায় সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷ বৰ্তমান আৰক্ষীয়ে কোনো দুষ্কৃতিকাৰীয়ে ট্ৰাকখন জ্বলাই দিয়াৰ সন্দেহ কৰা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Encounter in Dakmaka : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী

Last Updated : Dec 21, 2021, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.