কোকৰাঝাৰত বিশ্ব পৰ্যটন দিৱস উপলক্ষে চাইকেল ৰেলী

author img

By

Published : Sep 27, 2022, 12:00 PM IST

kokrajhar

আজি বিশ্ব পৰ্যটন দিৱস (World tourism day) ৷ বিশ্ব পৰ্যটন দিৱসৰ সতে সংগতি ৰাখি বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰত চাইকেল ৰেলী ৷ চাইকেল ৰেলীত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ ৷ বিশ্ব পৰ্যটন দিৱস উদযাপনৰ লগত সংগতি ৰাখি চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যত ১২.৫ কিলমিটাৰ দূৰত্বৰ ট্ৰেকিং ৰোড মুকলি প্ৰধান প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰ, ২৭ ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্যটন দিৱস (World tourism day) ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত মঙলবাৰে এক চাইকেল ৰেলী উলিওৱা হয় (World tourism day celebrated in Kokrajhar) ৷ বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা উলিওৱা চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ৷

দাংদুপুৰ পাহাৰ হৈ চক্ৰশীলা অভয়াৰণ্যৰ দাঁতিৰ ধীৰবিললৈ উলিওৱা চাইকেল ৰেলীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR chief Pramod Boro), অতিৰিক্ত উপায়ুক্ত তৃষ্ণা হালৈ প্ৰমুখ্যে শতাধিক যুৱকে অংশগ্ৰহণ কৰে ৷ ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰ পৰ্যটন বিভাগক অধিক গুৰুত্ব দিয়াৰ কথা দোহাৰি বিটিআৰৰ ভৈৰৱকুণ্ডৰ পৰা কোকৰাঝাৰলৈ পৰ্যটকৰ ছয়টা স্থান উন্নত কৰা হ'ব বুলি ঘোষণা কৰে ৷

লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণৰ বাবে চক্ৰশীলা অভয়াৰণ্যত পেৰা গ্লাইডিঙকে ধৰি পৰ্যটনৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰমোদ বড়োৱে সদৰী কৰে (BTR tourism department cycle rally) ৷ উল্লেখ্য যে চাইকেল ৰেলীৰ অন্তত বিশ্ব পৰ্যটন দিৱস উদযাপনৰ লগত সংগতি ৰাখি চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যৰ কোৱাৰী ৰোডৰ পৰা ধীৰবিললৈ ১২.৫ কিলমিটাৰ দূৰত্বৰ ট্ৰেকিং ৰোড এটা মুকলি কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

উল্লেখ্য, ১৯৮০ চনৰ পৰা ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাবে উদযাপন কৰি অহা হৈছে । এই দিনটোত বিভিন্ন দেশৰ পৰ্যটন পৰিষদে তেওঁলোকৰ চহৰ আৰু ৰাজ্যসমূহত পৰ্যটনৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয় বিষয়বস্তু মুকলি কৰে । ২০২২ চনৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে 'পৰ্যটনৰ পুনৰ চিন্তা কৰা' (World tourism day theme Rethinking Tourism) ।

1997 চনত, ইউএনডব্লিউটিঅ'য়ে সিদ্ধান্ত লয় যে প্ৰতি বছৰে বিভিন্ন আয়োজক দেশত এই দিৱস উদযাপন কৰা হ'ব (UNWTO initiation of world tourism day) । বিশ্ব পৰ্যটন দিৱসত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক মূল্যবোধক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত পৰ্যটনৰ তাৎপৰ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব বিচৰা হৈছে ।

বিশ্ব পৰ্যটন দিৱসৰ আনুষ্ঠানিক উদযাপন এই বছৰ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ডিমা হাছাও জিলাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.