ETV Bharat / state

প্ৰমোদ বড়োৱে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

author img

By

Published : Apr 20, 2021, 10:13 PM IST

মঙলবাৰে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ ইয়াৰ লগতে 18 বছৰৰ উৰ্ধৰ সকলোকে ক’ভিড ভেকচিন লোৱাৰ লগতে মাস্ক, চেনিটাইজাৰৰ ব্য়ৱহাৰ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে বিটিআৰ প্ৰধান গৰাকীয়ে ৷

BTR chief Promad Boro take Covid Vacin
প্ৰমোদ বড়োই গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

কোকৰাঝাৰ,২০ এপ্ৰিল: 18 বছৰৰ উৰ্ধৰ সকলোকে ক’ভিড ভেকচিন ল’বলৈ আহবান জনাইছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ মঙলবাৰে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ক’ভিডৰ ভেকচিন গ্ৰহণ কৰি প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ জৰিয়তে বিটিআৰবাসীক এই আহ্বান জনায় ৷ ইয়াৰ লগতে তেখেতে মাস্ক, চেনিটাইজাৰৰ ব্য়ৱহাৰ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে ।

ইতিমধ্যে, ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সকলো সাজু কৰি তোলা হৈছে বুলি জানিবলৈ দি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মানৱতা সকলোৰে ঊৰ্ধত বুলি উল্লেখ কৰি পূৰ্বে কৰ’ণাকালত যিসকলে সহায়-সহযোগ কৰিছে তেওঁলোকক এইবাৰো আগবাঢ়ি আহিবলৈ পুনৰ আহ্বান জনাইছে ।

প্ৰমোদ বড়োৱে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

ইফালে, কেন্দ্ৰ-ৰাজ্য চৰকাৰে যিখিনি ক’ভিড নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে, সেই সকলোবোৰ কঠোৰভাৱে পালন কৰাত গুৰুত্ব দিয়াৰ লগতে বিটিআৰৰ চৰকাৰে ৰাইজক যিকোনো ধৰণৰ সহায় কৰিবলৈ সাজু আছে বুলি মতামত ব্যক্ত কৰে বড়োৱে । তদুপৰি পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি থকাৰ উপৰিও বিটিআৰৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে বুলি জানিবলৈ দিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

উল্লেখ্য যে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে মঙলবাৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু পৰিষদীয় সদস্য উইলছন হাছদাই ক’ভিডৰ ভেকচিন গ্ৰহণ কৰে ৷

লগতে পঢ়ক : অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.