ETV Bharat / state

বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো

author img

By

Published : Feb 19, 2021, 2:21 PM IST

Updated : Mar 2, 2021, 12:44 PM IST

সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷ প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷

বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিলঃ প্ৰমোদ বড়ো
বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিলঃ প্ৰমোদ বড়ো

কোকৰাঝাৰ, ১৯ ফেব্ৰুৱাৰী: বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে বিটিআৰত সম্প্ৰতি গণতন্ত্ৰ নাই ইয়াৰ বিপৰীতে বিটিআৰত মিলিটাৰী ৰাজহে চলি আছে বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ শুকুৰবাৰে সংবাদমাধ্যমৰ আগত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷

প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷

বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিলঃ প্ৰমোদ বড়ো

আনপিনে মূলসুঁতিলৈ ঘূৰি আহা এনডিএফবিৰ কিছু সদস্য পুনৰাই জংঘললৈ উভতি যোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত প্ৰমোদ বড়োৱে কয় যে, এই বিষয়ে তেওঁ শুনিছে ৷ এইক্ষেত্ৰত জংঘলত থাকি সমাজৰ উন্নয়ন কৰিব নোৱাৰি বুলি মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ এনডিএফবিৰ কিছু সদস্য পুনৰাই জংঘললৈ উভতি যোৱা কাৰ্য নিত্যান্তই দূৰ্ভাগ্যজনক । তেওঁলোকে কোনোবাৰ ৰাজনৈতিক পাকচক্ৰত পৰি প্ৰৰোচিত হ’ব পাৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে জংঘলৰ সলনি গাঁৱত থাকিহে সমাজৰ উন্নয়ন সাধিব পাৰি বুলি মত প্ৰকাশ কৰে । চৰকাৰ এইক্ষেত্ৰত নিশ্চয় কঠোৰ হ’ব বুলি মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ তদুপৰি শান্তি ঘুৰি অহা বিটিআৰত হিংসাত্মক কাৰ্য সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে মুখ্যকাৰ্যবাহী গৰাকীয়ে ৷

আনহাতে সমাগত বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে বিটিআৰ এলেকাৰ 12 টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰ এলেকাৰ বাহিৰৰ সমষ্টিটো প্ৰাৰ্থী দিব লাগে বুলি দলৰ পৰা আবেদন অহা বুলি সদৰি কৰে ৷

লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.