ETV Bharat / state

দুৰ্নীতিগ্ৰস্ত সকলো বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতাক সকিয়নী প্ৰমোদ বড়োৰ

author img

By

Published : Sep 7, 2022, 4:39 PM IST

দুৰ্নীতিগ্ৰস্ত সকলো বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতাক সকিয়নী প্ৰমোদ বড়োৰ
দুৰ্নীতিগ্ৰস্ত সকলো বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতাক সকিয়নী প্ৰমোদ বড়োৰ

পূৰ্বৰ বিটিআৰ চৰকাৰ আমোলত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷ দুৰ্নীতি সংঘটিত কৰি কোনোৱেই সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বিষয়া হওক, নেতা হওক অথবা যিয়েই নহওক দুৰ্নীতি কৰিলে জালত পৰিবই বুলি সকিয়নী দিয়ে প্ৰমোদ বড়োৱে (BTR chief Pramod Boro)৷

কোকৰাঝাৰ, ৭ ছেপ্টেম্বৰ: পূৰ্বৰ চৰকাৰৰ দিনত বিটিআৰত পানী যোগান আঁচনিৰ লগতে যোগান বিভাগত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ(Water supply scam in BTR) পৰা কোনোৱে সাৰি যাব নোৱাৰে ৷ বিষয়া হওক, নেতা হওক অথবা যিয়েই নহওক দুৰ্নীতি কৰিলে জালত পৰিবই ৷

বুধবাৰে সংবাদমাধ্যমৰ সন্মুখত দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ লগতে পূৰ্বৰ চৰকাৰৰ সময়ত ক্ষমতাত থকা বিপিএফৰ নেতাক এইদৰে সকিয়নী প্ৰদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (Pramod Boro warned corrupted persons)৷ পূৰ্বৰ চৰকাৰৰ আমোলত হোৱা বিভিন্ন আঁচনিৰ দুৰ্নীতিক লৈ ইতিমধ্যে EC মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰয়োজন সাপেক্ষে এই সকলোবোৰ দুৰ্নীতিৰ চিবিআই, নিয়া অথবা ইডিৰ দ্বাৰা তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে (BTR chief Pramod Boro)৷

দুৰ্নীতিগ্ৰস্ত সকলো বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতাক সকিয়নী প্ৰমোদ বড়োৰ

সংবাদমেলত প্ৰমোদ বড়োৱে বিটিআৰৰ(Bodoland Territorial Region) চৰকাৰী ভূমি, জলাশয়, খাচ আৰু বনাঞ্চলৰ মাটি কোনোৱে বেদখল কৰিব নোৱাৰে বুলি মন্তব্য কৰে (Corruption in BRT)৷ ইতিমধ্যে চৰাইখোলাৰ চক্ৰশিলা সংৰক্ষিত বনাঞ্চলত বহু নেতা-পালিনেতাই চাহ বাগান, ৰবৰ বাগান খুলি বেদখল কৰাৰ ভয়ংকৰ দৃশ্য মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰা বুলি সদৰী কৰে ৷

ইপিনে সংবাদমেলত প্ৰমোদ বড়োৱে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হৈ যোৱা ৰাজ্য চৰকাৰৰ পঞ্চমখন কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদান্তক লৈ সন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীৰ পৰা যিমান আশা কৰা হৈছিল তাতকৈ বেছি মুখ্যমন্ত্ৰীজনে গুৰুত্ব দিয়া বুলি মন্তব্য কৰে ৷ প্ৰমোদ বড়োৱে বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক হোৱাক লৈ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী মণ্ডলকো ধন্যবাদ জনায় ৷

লগতে পঢ়ক: ৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.