ETV Bharat / state

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

author img

By

Published : Jun 20, 2021, 10:49 PM IST

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা
অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব । যি সকলৰ নিযুক্তিৰ বয়স ইতিমধ্যে উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰ, ২০ জুন : ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ অধিকাংশ দফা ৰূপায়ণ হোৱাৰ পাচত এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিটিআৰ চুক্তিৰ ৯ নং দফা ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে । বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ ঘূৰি অহা এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো ইতিমধ্যে সাকাৰ ৰূপ ধাৰণ কৰা দেখা গৈছে । শনিবাৰে উক্ত বিষয়টোক লৈ গুৱাহাটীত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাচতে আজি অৰ্থাৎ দেওবাৰে কোকৰাঝাৰত এনডিএফবি সদস্যসকলক লৈ "দক্ষতা বিকাশ প্ৰশিক্ষণ" ৰ শুভাৰম্ভ কৰা হয় । কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দেওবাৰে আনুষ্ঠানিকভাৱে দক্ষতা বিকাশ প্ৰশিক্ষণৰ শুভাৰাম্ভ কৰা হয় ।

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা
অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আগত কয় যে, বড়ো শান্তি চুক্তিৰ বহু কেইটা দফা ইতিমধ্যে ৰূপায়ণ হৈছে । চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব । যি সকলৰ নিযুক্তিৰ বয়স ইতিমধ্যে উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যি সকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

ইপিনে বিটিআৰ চুক্তিৰ দফা সমূহ আগন্তুক ছয় মাহৰ ভিতৰতে ৰূপায়ণ কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । ইতিমধ্যে অসম চৰকাৰে ৪ হাজাৰ প্ৰাক্তন এনডিএফবি কেডাৰলৈ চাৰি লাখকৈ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে ৷ লগতে প্ৰাক্তন এনডিএফবি সদস্য সকলৰ গোচৰ মুক্ত কৰাৰ কাম চলি আছে বুলি সদৰি কৰি প্ৰমোদ বড়োৱে কাৰ্বি আংলঙৰ বড়োসকলৰ পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদানৰ বিষয়টো অচিৰেই সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে । ইফালে হাতত পুনৰ অস্ত্ৰ তুলি জংঘললৈ যোৱা এনএলএফ বি অস্ত্ৰধাৰী সংগঠনটোক পুনৰ মূল সূঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে ৷

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

যি কেইজন লৰাই গৈছে তাৰে ভিতৰত কোনোবাই যে, ডাঙৰ এটা বিপ্লৱক নেতৃত্ব দিব পাৰিব সেই পৰিবেশ মই দেখা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা যায় প্ৰমোদ বড়োক ৷ তেওঁলোকে কাৰোবাৰ প্ৰৰোচনাত পৰি জংঘললৈ গৈছে । সমাজত থাকি সমাজক আগুৱাই নিয়াৰহে যুদ্ধ হ’ব লাগে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা
অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

আনহাতে অনুষ্ঠানত উপস্থিত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হীৰেন চন্দ্ৰ নাথে কয় যে, বৰ্তমানলৈকে ১৪২৯ গৰাকী পূৰ্বৰ উগ্ৰপন্থীক এককালিন সাহায্য দিয়া হৈছে ৷ তেওঁলোকক বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । লগতে ছেপ্তেম্বৰৰ ভিতৰত প্ৰাক্তন এনডিএফবি সদস্যসকলক পুনৰ সংস্থাপনৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি সদৰী কৰিছে হীৰেন চন্দ্ৰ নাথে । আজিৰ এই বিশেষ অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক হীৰেন চন্দ্ৰ নাথ, বিটি আৰৰ আৰক্ষীৰ মহা পৰিদৰ্শক এল.আৰ.বিষ্ণই, বিটিআৰৰ প্ৰধান সচিব শান্তনু পি গোটমাৰে, বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ অধ্যক্ষ কাটিৰাম বড়ো আৰু কাৰ্যবাহী সদস্যসকলে অংশগ্ৰহণ কৰাৰ লগতে প্ৰাক্তন এনডিএফবি সদস্যসকলো উপস্থিত থকা দেখা যায় ৷

লগতে পঢ়কঃ ৰাজ্যত দহ দিনৰ বাবে লক ডাউন দিয়াৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.