ETV Bharat / state

সদৌ অসম সান্থালী ছাত্ৰ সন্থাৰ উপদেষ্টাৰ ইউপিপিএলত যোগদান

author img

By

Published : Mar 14, 2020, 9:04 PM IST

Updated : Mar 14, 2020, 9:33 PM IST

প্ৰায় 15 বছৰৰ মুৰত বিটিচি নিৰ্বাচনৰ প্ৰেক্ষাপট সলনি হোৱাৰ পথত ৷ বৰ্তমান নিৰ্বাচনক কেন্দ্ৰ কৰি ইউপিপিএল দলত সদস্যৰ যোগদানৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷

BTC Election 2020
BTC Election 2020

কোকৰাঝাৰ,14 মাৰ্চঃ দিনে-ৰাতি নিৰ্বাচনী প্ৰচাৰ তুংগত বড়োভূমিত । যিমানে বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি আহিছে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিভিন্ন ৰাজনৈতিক দলে । লগতে বিভিন্ন দল-সংগঠনৰ নেতাই নিজ দল ত্যাগ কৰি অন্য দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে সদৌ অসম সান্থালী ছাত্ৰ সন্থাৰ উপদেষ্টা ৱেলচোন হাসদাৰ লগতে আন তিনিগৰাকী সান্থালী নেতায়ে ইউপিপিএলত যোগদান কৰে ।

আনহাতে, কোকৰাঝাৰৰ তিতাগুৰিৰ পৰা ৰাজমেলা পথাৰলৈ ইউপিপিএলে বাহিৰ কৰা বৃহৎ ৰেলীত ভাগ লৈ আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে সান্থালী ছাত্ৰ সন্থাৰ উপদেষ্টা ৱেলচোন হাসদাই । ইউপিপিএল-ৰ সভাপতি প্ৰমোদ বড়ো, ইউ জি ব্ৰহ্মকে ধৰি বিভিন্ন নেতায়ে অংশগ্ৰহণ কৰা এই বৃহৎ নিৰ্বাচনী সমদল কোকৰাঝাৰ চহৰৰ জে দি ৰোড হৈ আৰ এন বি ৰোডৰ ৰাজমেলা পথাৰত অন্ত পৰে ।

অসম সান্থালী ছাত্ৰ সন্থাৰ উপদেষ্টাৰ ইউপিপিএলত যোগদান

ইফালে, বিটিচিৰ শাসকীয় দল বিপিএফে 13টা সমষ্টিত প্ৰাৰ্থী তালিকা ঘোষণা কৰে । বৰ্তমানলৈ বিপিএফে 40টা সমষ্টিৰ ভিতৰত 31টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।

লগতে চাওকঃবিটিচি নিৰ্বাচনঃ ২৮ নং গৈয়বাৰী পৰিষদীয় সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী

Last Updated : Mar 14, 2020, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.