আৰক্ষীৰে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰীৰ ঘৰত বিপিএফৰ প্ৰতিনিধি দল

author img

By

Published : Sep 24, 2021, 8:19 AM IST

BPF delegate team meet victims family

বিপিএফৰ বিধায়ক ক্ৰমে ৰবিৰাম নাৰ্জাৰী, দূৰ্গাদাস বড়ো, চৰণ নাৰ্জাৰী আৰু বিপিএফৰ কেইবাগৰাকী পাৰিষদ সহ বিপিএফৰ প্ৰতিনিধি দল এটাই বৃহস্পতিবাৰে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত জৌংছাৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ মৃতকৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

কোকৰাঝাৰ , 24 ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ উল্টাপানী অঞ্চলত আৰক্ষীয়ে দুগৰাকী যুৱকক ভুৱা সংঘৰ্ষৰে হত্যা কৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপনেৰে বিটিআৰৰ পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে বৃহস্পতিবাৰে বিপিএফৰ এটা প্ৰতিনিধি দল সংঘৰ্ষত নিহত হোৱা জৌংছাৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হয় ।

BPF delegate team meet victims family
বিপিএফৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ ঘটনাটোৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে

বিপিএফৰ বিধায়ক ক্ৰমে ৰবিৰাম নাৰ্জাৰী, দূৰ্গাদাস বড়ো , চৰণ নাৰ্জাৰী আৰু বিপিএফৰ কেইবাগৰাকী পাৰিষদসহ বিপিএফৰ প্ৰতিনিধি দলটো সংঘৰ্ষত নিহত হোৱা জৌংছাৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ মৃতকৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে । আৰক্ষীৰ বৰ্বৰতাক গৰিহণা দি বিপিএফৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ ঘটনাটোৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে ।

খিলঞ্জীয়া ভূমিপুত্ৰৰ হিতৰ বাবে কাম কৰিব বুলি কোৱা চৰকাৰখনে জনজাতীয় যুৱকক গুলীয়াই হত্যা কৰাটো চৰম দুৰ্ভাগ্যজনক বুলি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে মন্তব্য কৰে । ৰাইজৰ দাবী অনুসৰি, বিধায়ক নাৰ্জাৰীয়ে চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে ।

BPF delegate team meet victims family
জৌংছাৰ মুছাহাৰীৰ ঘৰত বিপিএফৰ প্ৰতিনিধি দল

ইফালে বিপিএফৰ বিধায়ক দূৰ্গাদাস বড়োৱে পৰিয়ালৰ ন্যায় প্ৰাপ্তিৰ বাবে চিবিআই তদন্তৰ দাবী উত্থাপন কৰি জংঘলৰ পৰা মূলসুঁতিলৈ ঘূৰি অহা লোকক সংস্থাপনৰ দাবী উত্থাপন কৰিছে । পুনৰসংস্থাপন লাভ নকৰি যুৱকসকলৰ মন ভাগি পৰিছে বুলি মন্তব্য কৰি বিটিআৰ এলেকাত যাতে পুনৰাই নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম নহয় তাৰ বাবেও চৰকাৰৰ কিছু কৰণীয় আছে বুলি উল্লেখ কৰিছে বিপিএফৰ বিধায়ক দূৰ্গাদাস বড়োৱে ।

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.