ETV Bharat / state

Awerness Rally in Kokrajhar: সপ্তম বেটেলিয়নৰ উদ্যোগত চৰাইখোলাত জাতীয় পতাকা লৈ সজাগতামূলক শোভাযাত্ৰা

author img

By

Published : Aug 7, 2022, 2:34 PM IST

Awerness Rally by 7th Battalion in Kokrajhar
সপ্তম বেটেলিয়নৰ উদ্যোগত চৰাইখোলাত জাতীয় পতাকালৈ সজাগতামূলক শোভাযাত্ৰা

সমাগত ৭৫ সংখ্যাক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আৰম্ভ হৈছে 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান (Har Ghar Tiranga Abhiyan) ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ চৰাইখোলাত অসম আৰক্ষীৰ সপ্তম বেটেলিয়নৰ উদ্যোগত উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা ৷

কোকৰাঝাৰ, 7 আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে ।

সপ্তম বেটেলিয়নৰ উদ্যোগত চৰাইখোলাত জাতীয় পতাকালৈ সজাগতামূলক শোভাযাত্ৰা

'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানৰ অংশস্বৰূপে ৰাজ্য অন্য প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে কোকৰাঝাৰ চৰাইখোলাত এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ৷ অসম আৰক্ষীৰ সপ্তম বেটেলিয়নৰ উদ্যোগত উলিওৱা হয় এই সজাগতামূলক শোভাযাত্ৰা ( Awerness Rally by 7th Battalion) ৷ চৰাইখোলাস্থিত সপ্তম বেটেলিয়নৰ চৌহদৰ পৰা উলিওৱা শোভাযাত্ৰাত সপ্তম বেটেলিয়নৰ অধিনায়ক জগদীশ দাস আৰু সহ অধিনায়ক কৰ্ণেল সিঙকে ধৰি সপ্তম বেটেলিয়নৰ জোৱানসকলে অংশগ্ৰহণ কৰে ৷

হাতে হাতে জাতীয় পতাকা লৈ দেশভক্তি শ্ল’গান তথা বিভিন্ন দেশভক্তি মূলক গীত বজাই উলিওৱা শোভাযাত্ৰাই সপ্তম বেটেলিয়নৰ চৌহদৰ লগতে চৰাইখোলাৰ বিভিন্ন পথত পৰিভ্ৰমণেৰে আকাশ বতাহ মূখৰিত কৰি তোলে৷ ইপিনে অসম আৰক্ষীৰ সপ্তম বেটেলিয়নৰ অধিনায়ক জগদীশ দাসে আজাদী কা অমৃত মহোৎসৱৰ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সকলোকে ত্ৰিৰংগা অৰ্থাৎ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ৷

আনহাতে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সপ্তম বেটেলিয়নৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে বুলিও অধিনায়ক গৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Awerness Rally at Manikpur: মাণিকপুৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ সজাগতা সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.