ETV Bharat / state

ABMSU central committee: শপত লৈয়েই বিটিচিত উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী এবিএমছুৰ নতুন সমিতিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 11:39 AM IST

ABMSU central committee
বিটিচিত উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী এবিএমছুৰ

এবিএমছুৰ নতুন কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ ৷ শপত বাক্য পাঠ কৰি এবিএমছুৰ নৱ নিৰ্বাচিত সভাপতি টাইছন হুছেইনৰ মন্তব্য; সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰক লৈ কোনো কাৰণতে কোনো শক্তিৰে এবিএমছুৱে আপোচ নকৰে ৷ বিটিচিত উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী এবিএমছুৰ ৷ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ ন্যায় বিচাৰি নতুন ৰূপত আৰু শক্তিশালী গতিত জোৰদাৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ টাইছন হুছেইনৰ ৷

এবিএমছুৰ নতুন কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান

কোকৰাঝাৰ, 11 ছেপ্টেম্বৰ: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী ভোটগাঁও কাশীপাৰাস্থিত এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ৷ এবিএমছুৰ নৱ নিৰ্বাচিত সভাপতি টাইছন হুছেইন আৰু সাধাৰণ সম্পাদক জাইদুল ইছলামসহ মুঠ 51 জনীয়া কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক গোপনীয়তা আৰু শপত বাক্য পাঠ কৰায় বিদায়ী সভাপতি আশ্ৰাফুল ইছলামে ৷

শপত গ্ৰহণ কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ সমুখত নৱ নিৰ্বাচিত সভাপতি টাইছন হুছেইনে কয় যে, অনাগত সময়ত এবিএমছুই বিটিচি অঞ্চলৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ কামত মনোনিৱেশ কৰিব ৷ কিয়নো সম্প্ৰতি গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে ৷ আৰ্থিকভাৱে স্বচ্ছলসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱাইছে যদিও দৰিদ্ৰ শিশুসকল পিছপৰি গৈছে ৷

আনহাতে টাইছন হুছেইনে বিভিন্ন সময়ত নানা সংঘৰ্ষৰে জৰ্জৰিত হৈ থকা বিটিআৰত স্থায়ী শান্তি কামনা কৰে বুলি উল্লেখ কৰে ৷ হুছেইনে লগতে কয়, "হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ 17 বছৰীয়া শাসনকাল আৰু বৰ্তমানৰ প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰে বিটিচিবাসী সংখ্যালঘু ৰাইজক আশ্বস্ত কৰিব পাৰিছে বুলি আমি নাভাবো ৷ বৰ্তমানৰ বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়োৱে শাসনলৈ আহিলে সংখ্যালঘু জনসাধাৰণৰ লগতে আন জনগোষ্ঠীসমূহৰ ভূমি সমস্যা, মাটিৰ পট্টা প্ৰদান কৰিব বুলি আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু আজি তাৰ বিপৰীতে ওলোটা খৰ মাৰি 500 পৰিয়াললৈ উচ্ছেদৰ জাননীহে প্ৰেৰণ কৰিছে ৷"

নিজৰ প্ৰতিশ্ৰুতি অনুসৰি তথা বিটিচি চুক্তিৰ 4.3 A দফা অনুসৰি ভূমিহীন সংখ্যালঘু পৰিয়ালক ভূমিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা আৰু উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে ৷ ইপিনে এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ ন্যায়ৰ বিচাৰ প্ৰক্ৰিয়াক লৈও গভীৰ আক্ষেপ তথা ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ নেতাগৰাকীয়ে ৷ লাফিকুল ইছলাম আহমেদে তথা পৰিয়ালটোৱে ন্যায় পাবই লাগিবই ৷ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এবিএমছুৱে কোকৰাঝাৰৰ পৰা নতুন দিল্লীলৈ পুনৰ নতুন ৰূপত শক্তিশালী গতিৰে জোৰদাৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি এবিএমছুৰ সভাপতি টাইছন হুছেইনে স্পষ্ট কৰি দিছে ৷

লগতে পঢ়ক: Protest at Khanapara: প্ৰাপ্য বঞ্চিত ৰান্ধনী সহায়িকাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.