ETV Bharat / state

Kokrajhar literary fest: কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ সফল সামৰণি

author img

By

Published : Jan 8, 2023, 9:41 PM IST

Kokrajhar literary fest
কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ সফল সামৰণি

দেওবাৰে সামৰণি পৰিল কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱ(2nd Kokrajhar literary fest) ৷ 7 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিছিল দেশ-বিদেশৰ পৰা অহা প্ৰায় তিনি শতাধিক কবি-সাহিত্যকে ৷ সাহিত্য উৎসৱৰ অন্তিম দিনা ভাষা বিলুপ্তিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷

কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ সফল সামৰণি

কোকৰাঝাৰ, 8 জানুৱাৰী: কোকৰাঝাৰ সদৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ(Bodofa cultural complex) বাকৰিত যোৱা 7 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ(Kokrajhra literary fest) দেওবাৰে সফল সামৰণি পৰে ৷ সাহিত্য উৎসৱৰ তৃতীয় অৰ্থাৎ অন্তিম দিনা ভাষা প্ৰসংগত এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয় ৷

দেশ-বিদেশৰ পৰা অহা তিনি শতাধিক কবি, সাহিত্যিকৰ অংশগ্ৰহণেৰে উখল মাখল হৈ পৰা বডোফা সাংস্কৃতিক ক্ষেত্ৰ আজিৰে পৰা নিজম হৈ পৰিল ৷ দেওবাৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ(Minister Urkhao Gwra Brahma) অধ্যক্ষতাত সংকটৰ সন্মুখীন হোৱা ভাষাৰ কাহিনী কোৱা পৰ্বৰে আৰম্ভ হয় কাৰ্যসূচী ।

হাৰিয়ানাৰ মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজে বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ড৹ যমুনা বিনি , প্ৰশান্ত বড়ো আদিকে ধৰি কেবাগৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰে । আলোচনাচক্ৰত সংকটত পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কেনেদৰে বিলুপ্তিৰ পৰা বচাব পাৰি তাৰ ওপৰত বিশেষভাৱে আলোচনা হয় ।

অনুষ্ঠানৰ অন্তত অনুৰাধা শৰ্মা পূজাৰীয়ে(Anuradha Sarma Pujari) সংবাদমাধ্যমৰ আগত কয়, ‘‘ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ ক্ৰমান্বয়ে বিলুপ্ত হ'বলৈ ধৰিছে । হিন্দী-ইংৰাজীৰ আগ্ৰাসনত পৰি অসমীয়া ভাষাও বৰ্তমান সংকটত পৰিছে ৷ চৰকাৰৰ সদিচ্ছা অবিহনে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ জীয়াই নাথাকে । প্ৰতি দুসপ্তাহত পৃথিৱীৰ পৰা এটাকৈ ভাষা বিলুপ্তি হয় আৰু ১৯৬২ চনৰ পৰা ২০১১ চনলৈ ২১১ টা ভাষা অসমৰ পৰা নোহোৱা হ'ল ৷’’ ভাষাসমূৰ প্ৰযুক্তিগত ভাৱে সংৰক্ষণ কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়াই বিশিষ্ট সাহিত্যিক-সাংবাদিকগৰাকীয়ে ৷

লগতে, কাৰ্যালয় সমূহত চৰকাৰী নথি-পত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰি এনে কাৰ্যই অন্য ভাষাৰ লোককো অসমীয়া শিকাত আগ্ৰহী কৰি তুলিব বুলি মন্তব্য কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে । নিজৰ ভাষা নিজেই জীয়াই ৰাখিব লাগিব বুলি কোৱাৰ লগতে ভাষাক সংকটমুক্ত কৰাৰ বাবে চৰকাৰৰ গধুৰ দায়িত্ব আছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷

ইফালে, সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimary) কয়, ‘‘সাহিত্য হ'ল জাতি-ধৰ্ম, ৰাজনীতিৰ উৰ্ধত । কোকৰাঝাৰত সাহিত্য উৎসৱ হোৱাটো অতি আনন্দৰ বতৰা ৷ সাহিত্যিকৰ মিলনে সাহিত্যৰ সৃষ্টি কৰিব ৷’’

সামৰণি অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(BTR Chief Pramod Boro) উপস্থিত থাকি সাহিত্য উৎসৱৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে । সাহিত্য উৎসৱে বিশ্বজনীন বাৰ্তা এটা বিয়পাব বুলি মন্তব্য প্ৰমোদ বড়োৰ । উল্লেখ্য যে, কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱত বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰ , শ্ৰীলংকা , নেপাল আৰু ভূটানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক সাহিত্যিক-কবিয়ে অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: New Extremist Group in BTR: বিটিআৰত নতুন সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা ! প্ৰাক্তন বিধায়কসহ আটক ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.