ETV Bharat / state

বিজেপিৰ বিজয়ত আনন্দিত কিন্নৰ সমাজ

author img

By

Published : May 27, 2019, 11:59 AM IST

বিজেপিৰ বিজয়ত আনন্দিত কিন্নৰ সমাজ

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীৰ হাতত মিঠাই আৰু ফুলৰ থোপা দি অভিনন্দন জনায় কিন্নৰৰ দলে ৷

কৰিমগঞ্জ, 27 মে' : বিজেপিৰ অভূতপূৰ্ব সাফল্যত আনন্দ প্ৰকাশ কৰিলে কিন্নৰ সমাজে ৷ কৰিমগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিজয়ত অভিনন্দন জনাবলৈ কৰিমগঞ্জ জিলা বিজেপি কাৰ্যালয়ত উপস্থিত কিন্নৰৰ দল ৷

কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীৰ হাতত মিঠাই আৰু ফুলৰ থোপা দি অভিনন্দন জনায় কিন্নৰৰ দলে ৷ তেওঁলোকে বিজেপিৰ সদস্যক আশীৰ্বাদ জনোৱাৰ লগতে দলটোৰ সাফল্যও কামনা কৰে ৷

বিজেপিৰ সাফল্যত আনন্দ প্ৰকাশ কৰি কৰিমগঞ্জ কিন্নৰ সমাজৰ গুৰুমা ৰুমিকা চক্ৰৱৰ্তী কিন্নৰে কয় যে মোডী চৰকাৰৰ দিনত কিন্নৰ সমাজে লাভ কৰিছে বিভিন্ন সুবিধা ৷ গতিকে বিজপিৰ বিজয়ত তেওঁলোক অত্যন্তই সুখী ৷

বিজেপিৰ বিজয়ত আনন্দিত কিন্নৰ সমাজ
Intro:বিজেপিৰ অভূতপূৰ্ব সাফল্যত আনন্দ প্ৰকাশ কৰিলে কিন্নৰ সমাজে Body:SLUG: TRANSGENDER CELEBRATE BJP VICTORY, KARIMGANJ
বিজেপিৰ অভূতপূৰ্ব সাফল্যত আনন্দ প্ৰকাশ কৰিলে কিন্নৰ সমাজে । বিষেশকৈ কৰিমগঞ্জ সমষ্ঠিত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা জয়ী হোৱাত অভিনন্দন জনাবলৈ কিন্নৰ সমাজৰ এটা দল কৰিমগঞ্জ জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হয় । বিজয়ী প্ৰাৰ্থী দিল্লীত থকাৰ বাৱে তেওঁক নেপালেও কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য্য আৰু মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীৰ হাতত মিঠাই আৰু ফুলৰ তোৰা দি কিন্নৰৰ দল অভিনন্দন জনায় । বিজেপিৰ ফালৰ পৰাও তেওঁলোকক মিঠাইৰ পেকেট, ফল আৰু উপহাৰ সামগ্ৰী দি অভিবাদন জনোৱা হয় । তেওঁলোকে বিজেপি সদস্যক আশিৰ্বাদ প্ৰদান কৰি দলটোৰ আৰুও সাফল্য কামনা কৰে । বিজেপিৰ সাফল্যত আনন্দ প্ৰকাশ কৰি কৰিমগঞ্জ কিন্নৰ সমাজৰ গুৰুমা ৰুমিকা চক্ৰবৰ্তি কিন্নৰে কয়, সবকা সাথ সবকা বিকাশৰ মোডী চৰকাৰৰ দিনত তেওঁলোকে বহু সুবিধা পাইছে । আগন্তুক দিনত দলটোৰ আৰুও শ্ৰীবৃদ্ধি কামনা কৰে । কৰিমগঞ্জৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ অতি মৰম আৰু অভ্যৰ্থনা পোৱাৰ কথাও উল্লেখ কৰে ।
Conclusion: বিজেপিৰ ফালৰ পৰাও তেওঁলোকক মিঠাইৰ পেকেট, ফল আৰু উপহাৰ সামগ্ৰী দি অভিবাদন জনোৱা হয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.