ETV Bharat / state

বৰাক নদীত গা ধুবলৈ গৈ ছাত্ৰ নিৰুদ্দেশ

author img

By

Published : Feb 21, 2021, 9:39 PM IST

বৰাকত গা ধুবলৈ গৈ নিৰুদ্দেশ বদৰপুৰ চেইন্ট জোচেফ স্কুলৰ এগৰাকী ছাত্ৰ ৷ দেওবাৰে বিয়লি বৰাক নদীত গা ধুবলৈ গৈছিল ছাত্ৰ গৰাকী ৷

As_krj_801_803_student_missing_img_10024
বৰাক নদীত গা ধুবলৈ গৈ ছাত্ৰ নিৰুদ্দেশ

কৰিমগঞ্জ, 21 ফেব্ৰুৱাৰী: বৰাক নদীত গা ধুবলৈ গৈ দেওবাৰে বদৰপুৰত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰাক নদীত গা ধুবলৈ গৈ বদৰপুৰ চেইন্ট জোচেফ কলেজৰ ছাত্ৰ গৰাকী নিৰুদ্দেশ হয় ৷

জানিব পৰা মতে, দেওবাৰে বিয়লিৰ ভাগত নদীত গা ধুৱলৈ গৈ পানীৰ মাজৰ পৰা নিৰুদ্দেশ হৈ পৰে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে বদৰপুৰ ফায়াৰ চাৰ্ভিচ বাহিনীক খবৰ দিয়া হয় ৷ এছডিআৰএফ বাহিনীয়ে ছাত্ৰজনৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈকে ছাত্ৰ গৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.