ETV Bharat / state

বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

author img

By

Published : Oct 10, 2020, 4:33 PM IST

কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ৷ বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰাৰ অভিযোগ ৷ আৰক্ষীয়ে আটক কৰিছে এজন লোকক ৷

Sensational Murder at karimganj
বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

কৰিমগঞ্জ, 10 অক্টোবৰ : কৰিমগঞ্জৰ দোহালীয়াত লোমহৰ্ষক হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ঘৰৰ পৰা বন গাহৰি চিকাৰৰ নামত মাতি নি জংঘলৰ ভিতৰত গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হাতে সজা বন্দুকেৰে মুৰত গুলিয়াই হত্যা কৰা হৈছে 20 বছৰীয়া যুৱক নিতুশ দেৱক । ইতিমধ্যে,ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

Sensational Murder at karimganj
বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

ঘটনাৰ বিৱৰণ অনুসৰি,শুকুৰবাৰে পুৱাৰ ভাগত পাথাকান্দি আৰক্ষী থানাৰ অন্তৰ্গত দোহালিয়া গাঁৱৰ নৃপেশ দাস, চামছুল হক আৰু আন কেইবাজনো লোকে ৰাতবাৰী থানাৰ অন্তৰ্গত দোহালিয়া সংৰক্ষিত বনাঞ্চলত বনৰীয়া গাহৰি চিকাৰ কৰিবলৈ নিতুশ দাস নামৰ 20 বছৰীয়া যুৱক জনক লগত লৈ যায় । কিন্তু বাকী সকলো বিয়লিৰ ভাগত নিজ নিজ ঘৰলৈ উভতি আহে যদিও ঘৰত উভতি অহা নাছিল নিতুশ দেৱ নামৰ যুৱকজন ।

Sensational Murder at karimganj
বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

লগতে পঢ়ক : ৰাজ্যৰ 20খন বিলত 5 কোটি পোনা এৰিব অসম মীন উন্নয়ন নিগমে

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে নিতুশৰ খবৰ বিচাৰি যায় নৃপেশ দাসৰ ঘৰলৈ যায় যদিও নৃপেশ নামৰ লোকজনে পলাব বিচাৰে । কিন্তু ৰাইজে নৃপেশক আটক কৰিবলৈ সক্ষম হয় ৷

Sensational Murder at karimganj
বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

ইফালে,নৃপেশে জংঘলৰ ভিতৰৰ নিতুশৰ মৃতদেহৰ ওচৰলৈ লৈ যায় স্থানীয় লোকক ৷ তাৰ পিচত স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত পাথাৰকান্দি আৰু ৰাতবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ৰাতাবাৰী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । লগতে নৃপেশ দাস নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে,কি কথাত নিতুশ নামৰ লোকজনক বন্ধু কেইজনে হত্যা কৰিলে বৰ্তমান সেয়া জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ SI কেলেংকাৰীৰ লগত জড়িত এজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.