ETV Bharat / state

বদৰপুৰত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষ

author img

By

Published : Apr 14, 2021, 9:10 PM IST

কৰিমগঞ্জৰ বদৰপুৰৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত আহত বাইক আৰোহী ৷

road accident in Badarpur
বদৰপুৰত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষত আহত এজন

কৰিমগঞ্জ,14 এপ্ৰিল: কৰিমগঞ্জৰ বদৰপুৰত মঙলবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বদৰপুৰৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষৰ ৷ উক্ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজন ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত লোকজনক শ্ৰী গৌৰী হাস্পতাললৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনাৰ পাছতে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

ইফালে ঘটনাৰ খবৰ লাভ কৰি বদৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন থানালৈ লৈ যায় ৷

লগতে পঢ়ক: পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.