ETV Bharat / state

বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা

author img

By

Published : Nov 16, 2020, 3:01 PM IST

loot at karimganj assam etv bharat news
কৰিমগঞ্জ আৰক্ষী থানা

নিসংগতাৰ সুযোগ গ্ৰহণ বনকৰা মহিলাৰ ৷ অকলে থকাৰ সুযোগতে এগৰাকী বনকৰা মহিলাই লুটিলে প্ৰায় লক্ষাধিক নগদ ধন ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷

কৰিমগঞ্জ,16 নৱেম্বৰ: কৰিমগঞ্জত বৃদ্ধি পাব ধৰিছে অপৰাধমূলক কাৰ্য-কলাপ ৷ চহৰখনৰ মাজমজিয়াস্থিত এগৰাকী মহিলাৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ধনকে ধৰি সমস্ত মূল্যৱান সামগ্ৰী ৷ এই ঘটনা সংঘটিত হৈছে এম এম চি বিদ্যালয়ৰ অধ্যক্ষা শিল্পী দেৰ ঘৰত ৷ দে-ৰ ঘৰত বনকৰা মহিলা হিচাপে কৰ্মৰত দেৱশ্ৰী দেৱ নামৰ এগৰাকী মহিলাই এটা চোৰৰ সৈতে মিলি লুটপাত চলায় ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত ৷

বনকৰা মহিলাই লুটিলে ধন

চোৰে মহিলাগৰাকীৰ ঘৰৰ পৰা লুটি নিয়ে প্ৰায় 1,13,000 নগদ ধন ৷ এই চুৰি কাণ্ডৰ বিষয়ে মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে কৰিমগঞ্জ আৰক্ষী থানাত ৷ আৰক্ষীয়ে শিল্পী দে-ৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে প্ৰাথমিক তদন্ত ৷ এই তদন্তৰ ভিত্তিতে আৰক্ষীয়ে বনকৰা মহিলাগৰাকীক আটক কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 1,09,000 হাজাৰ টকা ৷

লগতে চাওকঃ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.