ETV Bharat / state

শতিকা পুৰণি মন্দিৰ জ্বলোৱা ঘটনাৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:09 PM IST

Police Encounter
আনোৱাৰলৈ আৰক্ষীৰ গুলী

আৰক্ষীৰ বন্দুক কাঢ়ি লৈ ​​পলাবলৈ চেষ্টা কৰোতেই অপৰাধী আনোৱাৰলৈ আৰক্ষীৰ গুলী ৷ গুৰুতৰভাৱে আহত মন্দিৰত অগ্নিসংযোগৰ মূল অভিযুক্ত ৷

অভিযুক্তলৈ আৰক্ষীৰ গুলী

কৰিমগঞ্জ, 19 নৱেম্বৰ : ৰাতাবাৰীৰ শতিকা পুৰণি মন্দিৰ জ্বলোৱা ঘটনাৰ মূল অভিযুক্তলৈ আৰক্ষীৰ গুলী ৷ আৰক্ষীৰ বন্দুক কাঢ়ি ​​পলাবলৈ চেষ্টা কৰোতেই ঘটনাৰ মূল অভিযুক্ত আনোৱাৰলৈ আৰক্ষীৰ গুলী ৷ ৰাতাবাৰী থানাৰ দমচৰা-ত্ৰিপুৰাপুঞ্জী অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ অভিযুক্তৰ জিম্মাত উদ্ধাৰ এটা আগ্নেয়াস্ত্ৰ ৷

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ৰাতাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজ দত্তই বৃহৎ আৰক্ষী বাহিনীৰে অভিযান চলাই ৰাতাবাৰীৰ চাঞ্চল্যকৰ মন্দিৰ অগ্নিসংযোগ কাণ্ডৰ মূল অভিযুক্ত আনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰে ৷ নিশা আৰক্ষী থানাত জেৰাৰ সময়ত আনোৱাৰ আলীৰ সৈতে আগ্নেয়াস্ত্ৰ আছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে মূল অভিযুক্তৰ সৈতে অস্ত্ৰ উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ৷

সেই সময়তে একাধিক গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী আনোৱাৰ আলীয়ে আৰক্ষীৰ পৰা বন্দুক কাঢ়ি ​​পলাবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ পিছতে আৰক্ষীয়ে কুখ্যাত অপৰাধী আনোৱাৰ আলীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীচালনাত অপৰাধী আনোৱাৰ গুৰুতৰভাৱে আহত হয় ৷ অপৰাধীটোৰ সোঁভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ৰামকৃষ্ণনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে অপৰাধীটো ৷

বিগত 7 নৱেম্বৰত দমচৰা ত্ৰিপুৰাপুঞ্জীৰ শ শ বছৰ পুৰণি শিৱ আৰু নাৰায়ণ মন্দিৰত দুস্কৃতিকাৰীয়ে পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰিছিল ৷ আৰক্ষীক প্ৰত্যাহ্বান জনায় দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছিল এই কাণ্ড ৷ এই ঘটনাৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ ৰাতাবাৰী আৰক্ষীয়ে অভিযান আৰম্ভ কৰি প্ৰথমে 3 জন লোকক গ্ৰেপ্তাৰ কৰিছিল যদিও এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আনোৱাৰ আলী পলাতক হৈ আছিল ৷

অৱশ্যে শনিবাৰে সন্ধিয়া ৰাতাবাৰী আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰৈশবাৰী অঞ্চলত আত্মগোপন কৰি থকা আনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.