কৰিমগঞ্জত 50 লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ-নিচাযুক্ত টেবলেট জব্দ

author img

By

Published : Sep 2, 2022, 7:51 PM IST

huge drugs sized in Karimganj
huge drugs sized in Karimganj ()

কৰিমগঞ্জত উদ্ধাৰ হৈছে বুজন পৰিমানৰ ব্ৰাউন ছুগাৰসহ নিচাযুক্ত টেবলেট (Huge drugs sized in Karimganj)৷ কৰিমগঞ্জৰ বদৰপুৰৰ ভাংগাত জব্দ কৰা হয় 50 লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰীখিনি ৷ ইয়াৰ বিপৰীতে দুই সৰবহাৰকাৰীক আটক কৰা হয় (Two smugglers arrested) ৷

কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই অহাৰ সময়তে কৰিমগঞ্জত উদ্ধাৰ হৈছে বুজন পৰিমানৰ ব্ৰাউন ছুগাৰসহ নিচাযুক্ত টেবলেট ৷ কৰিমগঞ্জৰ বদৰপুৰৰ ভাংগাত জব্দ কৰা হয় এই নিচাযুক্ত সামগ্ৰীখিনি(Huge drugs sized in Karimganj) ৷

কৰিমগঞ্জত 50 লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ আৰু নিচাযুক্ত টেবলেট জব্দ

এক গোপন সূত্ৰ পম খেদি বদৰপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভাংগা বজাৰত অভিযান চলায় ৷ কৰিগঞ্জৰ উপ-আৰক্ষী অধীক্ষক জি পি শৰ্মাৰ নিৰ্দেশত ভাংগা আউট পোষ্টৰ আই চি প্ৰণৱ মিলি আৰু বদৰপুৰ থানাৰ আৰক্ষী অধীক্ষক চন্দন গোস্বামীয়ে এই অভিযানত হাইলাকান্দি পৰা অহা AS11 V 6573 নম্বৰ বাহনখনৰ পৰা ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীয়ে এই অভিযানত 50 লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰে ৷ আনহাতে আটকধীন সৰবৰাহকাৰী দুটাৰ নাম হ'ল ইমাদুৰ ৰহমান বৰভূঞা(২৩) আৰু কাজি আলাউদ্দিন (২২)(Two smugglers arrested)৷ ধৃত সৰবৰাহকাৰী ইমাদুৰৰ ঘৰ হাইলাকান্দি জিলাৰ লালা বজাৰৰ বিষ্ণুপুৰ গাঁৱত আৰু কাজি আলাউদ্দিনৰ ঘৰ কাঠলীছড়াৰ সাহাবাদ গাঁৱত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বোকাজান ৰে’ল ষ্টেচনত শিলৰ ছিণ্ডিকেটৰাজৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.