কৰিমগঞ্জত জব্দ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ

author img

By

Published : Sep 10, 2021, 11:32 AM IST

AS_KTJ_801_10sep_HUGE DRUGS SEIZED

বৃহস্পতিবাৰে পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰৱৰাহৰ সৈতে জড়িত তিনি যুৱকক ৷

কৰিমগঞ্জ, 10 ছেপ্তেম্বৰ : পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ দুৰ্লভপুৰ গাঁৱৰ জয়নাল হক নামৰ যুৱকৰ ঘৰৰ পৰা জব্দ হৈছে 365 টা ড্ৰাগছৰ কন্টেইনাৰ । পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত চলোৱা হৈছিল এই অভিযান ৷ জয়নাল হকৰ লগতে আব্দুৰ ৰহমান আৰু বশিৰ উদ্দিন নামৰ দুই সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷

কৰিমগঞ্জত জব্দ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ

শেহতীয়াকৈ ৰাজ্যত মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ ঘোষণাৰ পিছতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ আনকি বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ এনকাউন্টাৰৰ সন্মুখীনো হ’বলগীয়া হৈছে ৷ ইয়াৰ পিছতো কিন্তু একাংশই অবাধে চলাই গৈছে ড্ৰাগছৰ বেহা ৷

এই সমস্যাৰ লগতে ৰাজ্যত নতুন এটা সমস্যায়ো গা কৰি উঠিছে ৷ ড্ৰাগছৰ ব্যৱহাৰৰ ফলত ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে HIV পজিটিভ ৰোগীৰো সংখ্যা ৷ এইসমূহ সমস্যাৰ মাজতে ৰাজ্যৰ পৰা ড্ৰাগছৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে কিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰে অনাগত দিনত সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.