ETV Bharat / state

সান্ধ্য আইনৰ মাজতে কৰিমগঞ্জত লাঠীচাৰ্জ

author img

By

Published : Jul 12, 2021, 10:38 PM IST

clash between police and businessmen in karimganj
সান্ধ্য আইনৰ মাজতে আৰক্ষীৰ আৰু ব্যৱসায়ীৰ মাজত হতাহতি

সান্ধ্য আইনৰ মাজতে কৰিমগঞ্জৰ ভাংগা ষ্টেচন ৰোডৰ বজাৰত আৰক্ষীৰ সৈতে ব্যৱসায়ীৰ সংঘাতৰ সৃষ্টি হয় ৷ সংঘাতত ব্যৱসায়ী সহ দুই আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হয় ৷

কৰিমগঞ্জ, 12 জুলাই : সান্ধ্য আইন জাৰি হোৱা সময়তে কৰিমগঞ্জৰ ভাংগা ষ্টেচন ৰোডৰ বজাৰত আৰক্ষীৰ আৰু এগৰাকী ব্যৱসায়ীৰ মাজত সংঘাত সৃষ্টি হয় ৷ ঘটনাত আব্দুল মান্নান নামৰ ব্যৱসায়ী গৰাকীৰ লগতে দুজন আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হয় ৷ আহত আৰক্ষী জোৱান দুগৰাকী ক্ৰমে হুছেইন লষ্কৰ আৰু আমিন হুছেইন ।

কৰিমগঞ্জ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে কৰিমগঞ্জৰ ভাংগা বজাৰত সান্ধ্য আইন ভংগ কৰি আব্দুল মান্নান নামৰ ব্যৱসায়ীজনে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰাখিছিল ৷ সেই সময়তে আৰক্ষীৰ লগতে প্ৰশাসনৰ লোকে তেওঁক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাচতে ব্যৱসায়ীজনে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয় ৷

সান্ধ্য আইনৰ মাজতে আৰক্ষীৰ আৰু ব্যৱসায়ীৰ মাজত হতাহতি

সান্ধ্য আইনৰ সময় উকলি যোৱাৰ পাছতো আব্দুল মান্নানে নিজৰ বিপনী খোলা ৰাখিছিল ৷ আৰক্ষীৰ লোকে বিপনী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া পাছতে ব্যৱসায়ীজনে আৰক্ষীলে লক্ষ্য কৰি বিভিন্ন সামগ্ৰী দলিয়াই আক্ৰমণ কৰে ৷ ব্যৱসায়ীজনে আৰক্ষী জোৱানক উদ্দেশ্যি বেয়া শব্দৰে গালি-গালাজ পাৰে বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷

পৰিস্থিতি এনে পৰ্যায় পাই যে আৰক্ষীয়ে ব্যৱসায়ী জনৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় ৷ ব্যৱসায়ী জনৰ ওপৰত লাঠি চাৰ্জ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান আহত ব্যৱসায়ী জনৰ লগতে দুই আৰক্ষীৰ জোৱান কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: সংৰক্ষণত অৱহেলা: দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.