ETV Bharat / state

কৰিমগঞ্জৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰিলে পংকজ কুমাৰ সিঙে

author img

By

Published : Feb 2, 2021, 5:39 PM IST

bsf-adg-visited-india-bangladesh-border
কৰিমগঞ্জৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰিলে পংকজ কুমাৰ সিঙে

কৰিমগঞ্জ জিলাৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰে BSF ৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙে ৷ পৰিদৰ্শন কালত সাংবাদিকক সম্বোধন কৰি ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত থকা চোৰাং ব্যৱসায় লগতে অনুপ্ৰৱেশকাৰী প্ৰতিৰোধ কৰিবৰ বাবে শীঘ্ৰে বিশেষ ডগ স্কোয়াড মোতায়ন কৰা হ'ব বুলি বিশেষ ঘোষণা কৰে পংকজ কুমাৰ সিঙে ৷

কৰিমগঞ্জ, 2 ফেব্ৰুৱাৰী : ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত থকা চোৰাং ব্যৱসায় লগতে অনুপ্ৰৱেশকাৰী প্ৰতিৰোধ কৰিবৰ বাবে শীঘ্ৰে বিশেষ ডগ স্কোয়াড মোতায়ন কৰা হ'ব ৷ মঙলবাৰে কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে BSF ৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙে ৷

পংকজ কুমাৰ সিঙে সাংবাদিকক সম্বোধন কৰি কয়, ভাৰত-বাংলাদেশৰ সীমান্তত গৰুৰ চোৰাং সৰবৰাহৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰা ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷ গৰুৰ চোৰাং সৰবৰাহৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰিবৰ বাবেই সীমান্তৰক্ষীৰ হাতত তুলি দিয়া হ'ব এই বিশেষ ডগ স্কোয়াড।

কৰিমগঞ্জৰ আন্তজাৰ্তিক সীমান্ত পৰিদৰ্শন কৰিলে পংকজ কুমাৰ সিঙে

উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ পৰা কুম্ভিৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতেই হেলিকপ্টাৰ যোগে কৰিমগঞ্জত আহি উপস্থিত হয় পংকজ কুমাৰ সিং । ইয়াৰ পিচতে কৰিমগঞ্জ জিলাত কূশিয়াৰা নৈৰ পাৰৰ চাৰি কিঃমিঃ আন্তৰ্জাতিক সীমান্ত পৰিদৰ্শন কৰে পংকজ কুমাৰ সিঙে ৷ ইয়াৰ সমান্তৰালভাৱে পংকজ কুমাৰ সিঙে অবৈধ অনুপ্ৰৱেশ আৰু সীমান্তৰ বিভিন্ন সমস্যাক লৈ কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

লগতে পঢ়ক: চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.